পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৭৫
 


মাজত বৰ হুলস্থূল লাগি পৰিছিল। পুৰাতত্ত্ব মন্দিৰৰ সঞ্চালকৰ ওচৰলৈ তেওঁলোকে এই বুলি প্ৰতিবাদ পত্ৰ পঠাইছিল যে মই হেনো তেওঁলোকৰ ধৰ্ম্মৰ উচ্ছেদ কৰিবলৈ বিচাৰিছোঁ। সঞ্চালকে নিজেই পোনপটীয়াভাৱে সেই অভিযোগৰ উত্তৰ দিছিল। তাৰ বাবে মোৰ কোনো কষ্ট কৰিব লগীয়া হোৱা নাছিল।

 সেই সময়ত বয়োবৃদ্ধ স্থানকবাসী সাধু গুলাবচন্দ আৰু তেওঁৰ খ্যাতনামা শতাৱধানী শিষ্য ৰতনচন্দ আমেদাবাদত আছিল। এগৰাকী জৈন পণ্ডিতৰ লগত মই তেওঁলোকৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। সন্ধ্যাৰ সময় আছিল। জৈন সাধুসকলে নিশা চাকি নজলায় গতিকে সাধু দুজনাৰ মুখ স্পষ্টভাৱে দেখা নগৈছিল। মোৰ লগত জৈন পণ্ডিত গৰাকীয়ে ৰতনচন্দ স্বামীজীৰ লগত মোৰ চিনাকি কৰি দিলে। তেতিয়া তেখেতে কলে, ‘মই আপোনাৰ নাম বহুতো শুনিছোঁ। কিন্তু আমাৰ প্ৰাচীন সাধু সকলে মাংসাহাৰ কৰিছিল বুলি লিখি আমাৰ ধৰ্ম্মৰ ওপৰত আপুনি যি আঘাত কৰিছে, সি বৰ সঙ্গত হোৱা নাই।’

 মই কলোঁ, “বৌদ্ধ আৰু জৈন এই দুটা শ্ৰমণ সংঘই এতিয়াও জীয়াই আছে আৰু তাৰ প্ৰতি মোৰ কি সন্মান আৰু শ্ৰদ্ধা আছে তাক আপুনি মোৰ লগত অহা এই পণ্ডিতজীকে সুধিব পাৰে। কিন্তু অনুসন্ধানৰ ক্ষেত্ৰত শ্ৰদ্ধা, ভক্তি বা প্ৰেম বাধা হব নালাগে। সঁচা কোৱাৰ পৰা কোনো সম্প্ৰদায়ৰে হানি হব পাৰে বুলি মই বিশ্বাস নকৰোঁ। মই ভাবোঁ যে সত্যাৰ্থ প্ৰকাশ কৰাই অনুসন্ধানকাৰীৰ কৰ্ত্তব্য।’

 বৃদ্ধ সাধু গুলাবচন্দ অলপ দূৰৈত বহি আছিল। তেখেতে তাৰ পৰাই তেওঁৰ শিষ্যক কলে, ‘এই সজ্জনে সেই উদ্ধৃতি দুটাৰ যি অৰ্থ কৰিছে সিয়েহে ঠিক, আধুনিক টীকাকাৰ সকলে কৰা অৰ্থ ঠিক নহয়। এই দুটা উদ্ধৃতিৰ উপৰিও আৰু ভালেমান ঠাইতে কৰা উল্লেখৰ পৰা প্ৰমাণ পোৱা যায় যে জৈন সাধুসকলে মাংসাহাৰ কৰিছিল।”