পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
ভগৱান বুদ্ধ
 

এফালে গুচি যাব লাগে। তালৈ গৈ পুৰি দিয়া মাটি, হাড়ৰ দম, মামৰে ধৰা পুৰণি লোৰ দম, তুঁহৰ দম, শুকান গোবৰৰ দম বা এনে প্ৰকাৰ কোনো স্থণ্ডিল (ওখ টিলাত) ভালদৰে পৰিষ্কাৰ কৰি হাড় বা কাইট সংযমেৰে থব লাগে।'
 ‘দশৱৈশালিক সুত্ৰ’ৰ তলত দিয়া সূত্ৰত ইয়াৰ চমু অনুবাদ এইদৰে কৰা হৈছে:

বহু অটুঠিয়ং পুগগলং অতিমিসং ৱা বহুকন্টয়ং।
অচ্ছিয়ং তিংদুয়ং, উচ্ছুখণ্ডং ৱ সিংবলিং॥
অপ্পে সিআ ভোঅণজ্জাএ, বহুউজঝিয় ধম্মিয়ং।
দিংতিঅং পডিআইকৃখে ন মে কপ্পঈ তাৰিসং॥

 অৰ্থাৎ 'বৰ বেচি হাড় থকা মঙহ বা বড় বেচি কাঁইটীয়া মাছ, অস্থি- বৃক্ষ বা ফল, বেলৰ ফল, কুঁহিয়াৰ, শান্নি আদি বস্তু (য’ত খাবলগীয়া সামগ্ৰী কম, পেলাই দিবলগীয়া সামগ্ৰীৰ ভাগ অধিক) দিওঁতাক এই বুলি কৈ বিৰত কৰিব লাগে যে সি মোৰ গ্ৰহণযোগ্য নহয়।'

 মাংসাহাৰ সম্বন্ধে প্ৰসিদ্ধ জৈন সাধুসকলৰ মত-গুজৰাত বিদ্যাপীঠৰ এটা শাখাৰ নাম আছিল পুৰাতত্ত্ব মন্দিৰ। সেই শাখাৰ তৰফৰ পৰা পুৰাতত্ত্ব’ নামৰ এখন তিনিমহীয়া আলোচনী কাকত প্ৰকাশ কৰা হৈছিল। ১৯২৫ চনত এই আলোচনীৰ এটা সংখ্যাত এই অধ্যায়ত দিয়া ধৰণৰ এটা প্ৰৱন্ধ লিখি মই প্ৰাসঙ্গিক হিচাপে দুটা উদ্ধৃতি দিছিলোঁ। দৰাচলতে সেই সম্বন্ধে অনুসন্ধান চলোৱা নাছিলোঁ। মাংসাহাৰ সম্বন্ধে আলোচনাৰ সময়ত প্ৰসিদ্ধ জৈন পণ্ডিত সকলেই তাৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তাক মোৰ প্ৰৱন্ধত ব্যৱহাৰ কৰিছিলোঁ।
 এই প্ৰৱন্ধ প্ৰকাশিত হোৱাৰ পিচত আমেদাবাদৰ জৈন সকলৰ