পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩১ ]

ঘোঁৰাৰ খুৰাৰ তলৰ ধুলিৰ নিচিনাকৈ কিদৰে উৰাই দিছিল? তেওঁ লোকে বুদ্ধৰ অহিংসা মানি চলাৰ কাৰণেই জানো তেওঁলোকৰ এই দুৰ্দ্দশা হৈছিল?

 আমাৰ মাৰাঠাসকলৰ পেছোৱা বাবতো আচল ব্ৰাহ্মণসকলৰ হাততে আছিল। অন্তিম বাজীৰাৱ নিজৰ কৰ্ম্মকুশলতাৰ বাবে প্ৰসিদ্ধ। পেছোৱাসকলৰ মাজত হিংসাৰ সীমা নাছিল। আনৰ লগত হোৱা যুদ্ধৰ কথাই নাই, নিজৰ ঘৰতো কম যুদ্ধ হোৱা নাছিল। এবাৰ দৌলতৰাৱ শিণ্ডেই ( চিন্ধিয়া) পুণা চহৰ লুটি পুটি নিয়ে, দ্বিতীয়বাৰ আকৌ যশৱন্তৰাৱ হোলকাৰে তাক লোটপাট কৰে। এনে অসীম হিংসাভক্তসকলৰ সাম্ৰাজ্য গোটেই ভাৰততে বিয়পি পৰা উচিত আছিল। তথাপি তেওঁলোকে নিজৰ তুলনাত এশ গুণ অহিংসক ইংৰাজহঁতৰ শৰণ লবলগীয়া হল কিয়? এজনৰ পিচত আনজন মাৰাঠা চৰ্দাৰ ইংৰাজহঁতৰ গোলাম হল কিয়? তেওঁলোকেও জানো বুদ্ধৰ উপদেশ মনা হেতুকেই এই অৱস্থা হৈছিল?

 যোৱা এহেজাৰ কি বাৰ শ বছৰ ধৰি জাপান এখন বৌদ্ধধৰ্মী দেশ। ১৮৫৩ চনত কমোডোৰ পেৰীয়ে তেওঁলোকক তোপৰ লক্ষ্য কৰি তোলাত তেওঁলোকৰ মাজত হঠাৎ জাগৰণ আহি কিদৰে একভাৱ সৃষ্টি হৈছিল? তেওঁলোকক বৌদ্ধধৰ্ম্মই কিয় নপুংসক কৰি তোলা নাছিল?

 লব্ধপ্ৰতিষ্ঠ টীকাকাৰ সকলেই ইয়াৰ উত্তৰ দিয়ক। মিৰৱিসি সুজ্ঞত্ব বৃথা অন্যালা স্বকৃত তাপ লাৱনি’ (নিজৰ দোষ পৰৰ ওপৰত জাপি দি কিয় মিছাকৈয়ে জনাটো দেখুৱাবলৈ চোৱা?) এনে লব্ধপ্ৰতিষ্ঠ লোকসকলক সম্বোধন কৰিয়ে মহাৰাষ্ট্ৰ কবি মোৰোপন্তই এই কবিতা ফাঁকি লিখিছিল নেকি? তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষ সকলে কৰি যোৱা পাপৰ দোষ বুদ্ধৰ ওপৰত জাপি দি নিজৰ বুদ্ধিৰ ঢোল কোবাইছে।