গাহৰীয়ে খামুচি উলিয়াই অনা বাঁহৰ গজালি। আন কিছুমানৰ মতে সি হল গাহৰীয়ে লেতি লােৱা ঠাইত গজা কাঠফুলা।’
এইদৰে সূকৰমদ্দৱ শব্দৰ অৰ্থ লৈ ভালেমান মতভেদ আছে। তথাপি ‘অঙ্গুত্তৰ নিকায়’ৰ পঞ্চকনিপাতত বুদ্ধ ভগৱানে গাহৰীৰ মঙহ খােৱা বুলি প্রমাণ পােৱা যায়। উগ্গ গহপতিয়ে কয়:
মনাপং মে ভন্তে সম্পন্নৱৰসূকৰ মংসং তং মে ভগৱা পটিগ্গণ্হাতু অনুকম্পং উপাদায়া তি। পটিগ্গহেসি ভগৱা অনুকম্পং উপাদায়া তি।
অর্থাৎ ‘ভদন্ত, বঢ়িয়া গাহৰীৰ এই মঙহ বৰ ভালদৰে ৰান্ধি প্রস্তুত কৰা হৈছে। মােৰ ওপৰত কৃপা কৰি ভগৱানে ইয়াক গ্ৰহণ কৰক।’ ভগৱানে কৃপা কৰি সেই মঙহ গ্ৰহণ কৰিছিল।
জৈন শ্ৰমণসকলৰ মাংসাহাৰ—আন আন শ্ৰমণ-সম্প্রদায়বােৰৰ ভিতৰত প্ৰধানকৈ জৈনসকলকে আটাইতকৈ অধিক তপস্বী বুলি গণ্য কৰা হয়। তথাপি ‘আচাৰাঙ্গসুত্র’ৰ তলত দিয়া উদ্ধৃতিৰ পৰা দেখা যায় যে জৈন-সম্প্রদায়ৰ শ্ৰমণেও মাংসাহাৰ কৰিছিল :
সে ভিক্খু ৱা ভিক্খুণী ৱা সেজ্জং পুন জাণেজ্জা বহু অট্ঠিয়ং মংসং ৱা বহু কন্টকং, অস্মিং খলু পাডিগাহিতংসি অপ্পে সিয়াভােয়ণজাএ বহু-উজ্ঝিয় ধম্মিএ। তহপ্পগাৰং বহু অট্ঠিয়ং ৱা মংসং, মচ্ছং, ৱা বহুকণ্টকং, লাভেৱি সন্তেণো পাডিগাহেজ্জা। সে ভিক্খু ৱা ভিক্খুণী ৱা গাহাৱইকুলং পিণ্ডৱায় পড়িয়াএ অণু পৱিট্ঠে সমাণে পবো বহু অট্ঠিএণ মংসেন মচ্ছেণ উৱণিমংতেজ্জা, আউসংতো সমণা অতিকংখসি বহুঅট্ঠিয়ং মংসং পডিগাহেস্তএ ? এয়প্পগাৰং ণিগ্ঘােসং সোচ্চা ণিসম্ম সে পুব্বমেৱ আলােএজ্জা, আউসােত্তি ৱা ভইণীত্তি ৱা ণো খলু মে কপ্পই বহুঅট্ঠিয়ং মংসং পডিগাহেত্তএ, অভিকংখসি সে দাউং জাৱইয়ং তাৱইয়ং পােগ্গলং দলয়াহি মা অট্ঠিয়াইং। সে সেৱং ৱদংতস্স পৰে।