পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৭১
 


 বুদ্ধই পৰিনিৰ্ব্বাণৰ দিনা আহাৰ কৰা সামগ্ৰীৰ নাম আছিল ‘সূকৰমদ্দৱ’। সেই সম্বন্ধে বুদ্ধঘােষাচাৰ্য্য়ই এইদৰে টীকা কৰিছে :
 সূকৰমদ্দৱং তি নাতিতৰুণস্‌স নাতিজিণ্ণস্‌স এক জেট্‌ঠকসূকৰস্‌স পৱত্ত মংসং। তং কিৰ মুদুং চেৱ সিনিদ্ধং চ হােতি। তং পটিয়াদাপেত্বা সাধুকং পচাপেত্বাতি অৎথাে। একে ভণন্তি, সূকৰমদ্দৱং তি পন মুদুও-দনস্‌স পঞ্চগােৰসয়ুসপাচনৱিধানস্‌স নামমেতং, যথা গৱপানং নাম পাক-নামং তি। কেচি ভণন্তি সূকৰমদ্দৱং নাম ৰসায়নৱিধি, তং পন ৰসায়নৎথে আগচ্ছতি, তং চুন্দেন ভগৱতাে পৰিনিব্বানং ন ভৱেয্যা তি ৰসায়নং পটিয়ত্তং তি।
 অর্থাৎ ‘ “সূকৰমদ্দৱ” এনে গাহৰীৰ ৰন্ধা মঙহ যি (গাহৰী) বৰ সৰুও নহয় আৰু বুঢ়াও নহয়, আৰু যি তেনেই সৰু পােৱালীতকৈ বয়সত ডাঙৰ। সি মৃদু আৰু স্নিগ্ধ হয়। তাক প্রস্তুত কৰাৰ অৰ্থ বৰ ভালদৰে ৰন্ধা বুলি বুজিব লাগিব। কোনাে কোনােৰ মতে পঞ্চগােৰসেৰে ৰন্ধা অন্নৰে হল এই নাম, যিদৰে গৱপান এবিধ বিশেষভাৱে ৰন্ধা আহাৰ্য্যৰ নাম। খেনোৰ মতে “সূকৰমদ্দৱ” এবিধ ৰসায়ন আছিল, আৰু ৰসায়নৰ অৰ্থতে এই শব্দ প্রযােগ কৰা হৈছে। চুন্দই ভগৱানক এই সামগ্রী এই হেতুকেই দিছিল যাতে ভগৱানৰ পৰিনিৰ্ব্বাণ হব নােৱাৰে।’
 এই টীকাত “সূকৰমদ্দৱ”ৰ মুখ্য অর্থ গাহৰীৰ মঙহেই কৰা হৈছে । তথাপি এই অর্থ ঠিক বুলি বুদ্ধঘােষাচাৰ্য্যৰ বিশ্বাস নাছিল, কিয়নো সেই সময়ত এই শব্দৰ আৰু দুটা অর্থ কৰা হৈছিল। তদুপৰি ‘উদান অট্‌ঠকথা’ত ইয়াৰ আৰু দুটা পৃথক অর্থ পােৱা যায়, সি হল এই :
 কেচি পন সূকৰমদ্দৱং তি ন সূকৰমংসং, সূকৰেহি মদ্দিত ৱংসকলীৰো তি ৱদন্তি। অঞ্‌ঞে সূকৰেহি মদ্দিতপদেসে জাতং অহিচ্ছত্তকং তি।
 অর্থাৎ ‘খেনােৰ মতে, সূকৰমদ্দৱ গাহৰীৰ মঙহ নহয়। সি হল