মাংসাহাৰ
বুদ্ধ ভগৱানৰ মাংসাহাৰ
পৰিনিৰ্ব্বাণৰ দিনা বুদ্ধ ভগৱানে চুন্দ কমাৰৰ ঘৰত গাহৰীৰ মঙহ
খাইছিল আৰু আজি-কালিও বৌদ্ধ ভিক্ষুৱে কম অধিক পৰিমাণে
মাংসাহাৰ কৰে, গতিকে স্বাভাৱিকতে এই প্ৰশ্নৰ উদয় হয় যে অহিংসা
পৰম ধৰ্ম্ম বুলি বিশ্বাস কৰা বুদ্ধ আৰু তেওঁৰ অনুগামী সকলৰ এই
আচৰণ কিমান দূৰ ক্ষমাৰ যোগ্য? এই প্ৰশ্ন লৈ ইয়াতে আলোচনা
কৰাটো উচিত হব।
(১) ভিক্ষাৰ সময়ত ভগৱান মহাবীৰ আৰু আগৰ জৈন শ্ৰমণ সকলে মাংস গ্ৰহণ
কৰিছিল বুলি লেখকৰ মন্তব্য সম্বন্ধে কেবা গৰাকী জৈন পণ্ডিতে আপত্তি কৰিছে; তেওঁ
লোকৰ মতে জৈন মূলগ্ৰন্থবোৰ সম্বন্ধে লেখকে দিযা ব্যাখ্যা ভ্ৰমাত্মক। চিকিৎসাশাস্ত্ৰ আৰু
শব্দকোষৰ আধাৰত তেওঁলোকে কয় যে এই অধ্যায়ত উদ্ধৃত জৈনধৰ্ম্ম গ্ৰন্থৰ 'কপোত'
শব্দৰ অৰ্থ পাৰ চৰাই বা কপৌ নহয, কপৌবুলীয়া এবিধ ফল অৰ্থাৎ 'কুষ্মাণ্ড'হে।
সেইদৰে 'কুক্কুট' শব্দৰ অৰ্থও ইয়াত কুকুৰা চৰাই বুলি ধৰাটো উচিত নহব, ইয়াত ‘কুক্কুট’
শব্দৰ অৰ্থ ‘বিজৌৰা' নামৰ এবিধ ফল। তদুপৰি এই পণ্ডিতকেগৰাকীৰ মতে ‘মাংস’
শব্দৰ আন এটা অৰ্থ হল ফলৰ শাহ আৰু ‘অস্থি' শব্দৰ অৰ্থও ‘হাড়’ বুলি ধৰাটো ভুল
হব, কিয়নো গছৰ বীজ আৰু ফলৰ ভিতৰৰ গুটিৰ নামো অস্থি। তেওঁলোকে 'মাৰ্জ্জাৰ'
শব্দৰ অৰ্থ 'মেকুৰী' বুলি নলৈ এক প্ৰকাৰৰ 'বায়ু' বুলি কব খোজে আৰু এই বায়ুক
হেনো ‘কুক্কুট’ ফলেৰে শান্ত কৰা হয়।
এই বাক-বিতণ্ডা সম্বন্ধে সাহিত্য অকাদমীৰ তৰফৰপৰা কবলগীয়া একো নাই,
কিন্তু অকাদমীৰ বিবেচনাৰে লেখকৰ মুল উক্তি অবিকৃত ৰাখি তাৰ লগতে আন পক্ষৰ
ব্যাখ্যা সন্নিবিষ্ট কৰি দিয়াটোৱে ন্যায়সঙ্গত হব। মূল মাৰাঠী পুথিৰ প্ৰকাশক ধৰ্ম্মানন্দ স্মাৰক নিধিয়ে এই টোকাটি লগতে দিবলৈ সম্মতি প্ৰকাশ কৰাত সাহিত্য অকাদমী
আনন্দিত হৈছে।