২৬৪ | ভগৱান বুদ্ধ |
যশ—মহাৰাজ, যি কোনো মানুহৰে মূৰ কাটি আন মানুহৰ ওচৰলৈ নিলে তেওঁলোকে তাক এই দৰেই ঘিণ কৰিব।
অশোক—তেওঁলোকে মোৰ মূৰটোকো তেনে দৰেই ঘিণ কৰিবনে?
এই প্ৰশ্নৰ উত্তৰ দিবলৈ যশৰ ভয় লাগিল। কিন্তু অশোকে তেওঁক অভয় দিয়াত তেওঁ কলে, ‘মহাৰাজ, আপোনাৰ মূৰটোকো মানুহে এনেদৰেই ঘিণ কৰিব।’
অশোক—তেনেহলে এনে মূৰ যদি মই ভিক্ষু সকলৰ চৰণত ৰাখি তেওঁলোকৰ সন্মান কৰোঁ তেনে হলে তাক তুমি বেয়া বুলি ধৰাৰ কি আৱশ্যকতা আছে?
এই সম্বাদৰ পিচত কেইটামান শ্লোক আছে। তাৰে এটা হল:-
আৱাহকালেহথ ৱিৱাহকালে
জাতেঃ পৰীক্ষা ন তু ধৰ্ম্মকালে।
ধৰ্ম্মক্ৰিযাযা হি গুণা নিমিত্তা
গুণাশ্চ জাতিং ন বিচাৰয়ন্তি॥
অৰ্থাৎ ‘লৰা আৰু ছোৱালীৰ বিয়াত[১] জাতিৰ বিচাৰ কৰা উচিত। ধাৰ্ম্মিক বিষয়ত জাতিৰ বিচাৰ কৰাৰ কাৰণ নাই, কিয়নো ধাৰ্ম্মিক বিষয়ত গুণলৈ লক্ষ্য কৰিব লাগে আৰু গুণতো জাতিৰ ওপৰত নিৰ্ভৰ নকৰে। ’
জৈন সংঘই জাতি-ভেদ মানি লয়—আন আন সংঘবোৰৰ ভিতৰত মাথোন নিৰ্গ্ৰন্থ-সংঘ সম্বন্ধেহে আজিকালি অলপ অচৰপ জানিব পৰা যায়। ‘আচাৰাঙ্গ সূত্ৰ’ৰ নিৰুক্তিৰ পৰা অনুমান হয় যে অশোকৰ সময়ৰ আগৰে পৰাই এই শ্ৰমণ সংঘই জাতি-ভেদক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। জৈন সকলৰ ধাৰণা মতে এই নিৰুক্তিৰ ৰচোঁতা
- ↑ ‘আৱাহ’ৰ অৰ্থ বিয়া কৰাই বোৱাৰী ঘৰলৈ অনা আৰু ‘ৱিৱাহ’ৰ অৰ্থ হল নিজৰ হোৱালীক বিয়া দি শহুৰী খাটিবলৈ পঠোৱা।