[ ৩০ ]
উত্তৰ―বুদ্ধৰ চৰিত্ৰৰ লগত এই মতৰ কিবা সম্বন্ধ আছে বুলি মই বিবেচনা নকৰো খৃষ্টপূৰ্ব ৫৪৩ চনত বুদ্ধৰ পৰিনিৰ্ব্বাণ হয়। তাৰে দুই শতিকাৰ পিচত চন্দ্ৰগুপ্তই সাম্ৰাজ্য স্থাপন কৰে। চন্দ্ৰগুপ্ত জৈনধৰ্মী আছিল বুলি কোৱা হয়। কিন্তু এই দেশৰপৰা গ্ৰীকসকলক বাহিৰ কৰি খেদি দিয়াত তেওঁৰ বাবে তেওঁৰ অহিংসা ধৰ্ম্মই বাধাৰ সৃষ্টি কৰা নাছিল। তেওঁৰ নাতিয়েক অশোক সম্পূৰ্ণভাৱে বৌদ্ধ হৈছিল, তথাপিও তেওঁ এখন বিশাল সাম্ৰাজ্য চলাইছিল।
খৃষ্টীয় ৭১২ চনত মুহম্মদ বিন কাচিমে সিন্ধু দেশৰ ওপৰত আক্ৰমণ চলাইছিল; সেই সময়ত পশ্চিম ভাৰতত বৌদ্ধধৰ্ম্মৰ অস্তিত্ব লোপ পাইছিল আৰু ব্ৰাহ্মণ ধৰ্মৰ প্ৰভুত্ব বাঢ়ি গৈছিল। তথাপিও খলিফাৰ এই তৰুণ চৰ্দাৰজনে চাওঁতে চাওঁতে সিন্ধুদেশক পদদলিত কৰি দিছিল আৰু তাৰ হিন্দু ৰজাসকলক 'কতল' কৰি 'নিজৰানা' স্বৰূপে তেওঁলোকৰ ছোৱালীবোৰক খলিফাৰ ওচৰলৈ পঠাই দিছিল।
মুচলমানসকলে সিন্ধু আৰু পঞ্জাৱৰ কিছু অংশ দখল কৰাৰ এশ বছৰৰ পিচত শঙ্কৰাচাৰ্য্যৰ আবিৰ্ভাৱ হয়। শূদ্ৰসকলে যাতে বেদাধ্যয়ন নকৰে তেওঁৰ বেদান্তৰ সেয়ে আছিল সম্পূৰ্ণ লক্ষ্য। কোনো শূদ্ৰই বেদবাক্য শুনিলে তেনে শূদ্ৰৰ কাণত (তপত) সীহ বা লাৰ ঠিলা দিয়া উচিত, যদি সি বেদবাক্যৰ উচ্চাৰণ কৰে তেন্তে তাৰ জিবা কাটি দিব লাগে আৰু যদি শূদ্ৰই বেদমন্ত্ৰ ধাৰণ কৰে তেন্তে তাক মাৰি পেলোৱা উচিত—এয়ে আছিল তেওঁৰ বেদান্ত। আমাৰ এই সনাতনী বন্ধুসকলে মুচলমান বিজেতাহঁতৰ পৰাও কোনো শিকনি নাপালে। বুদ্ধতো তেওঁলোকৰ শত্ৰুৱে আছিল। গতিকে তেওঁৰ পৰা আৰু শিকিব কি?
ৰাজপুতসকল কঠোৰ সনাতনী আছিল। তেওঁলোকে অহিংসাত অলপো বিশ্বাস নকৰিছিল। সময়ে সময়ে নিজৰ ভিতৰতে যুঁজি মৰিছিল। তথাপি মহমুদ গজনৱীয়ে হিংসাৰ এই শূৰ ভক্তসকলক