পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৬৩
 


মহাসাগৰত গৈ মিলিলে নিজৰ নিজৰ নাম এৰি মাথোন মহাসাগৰ নাম লয়, সেইদৰে ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা বৰ্ণৰ লোক তথাগতৰ সংঘত প্ৰৱেশ কৰিলে নিজৰ আগৰ নাম গোত্ৰ এৰি কেৱল শাক্যপুত্ৰীয শ্ৰমণ নামেৰেহে পৰিচিত হয়।’ []

 অশোকৰ সময়ৰ বৌদ্ধ সংঘত জাতিভেদ নাছিল— ‘দিব্যাৱদানত দিয়া যশ অমাত্যৰ কাহিনীৰ পৰা দেখা যায় যে অশোকৰ সময়ৰ বৌদ্ধ সংঘয়ো জাতি-ভেদ সমূলি নামানিছিল।

 অশোক ৰজা অলপতে মাথোন বৌদ্ধ হৈছিল আৰু তেওঁ আটাইবোৰ ভিক্ষুৰে চৰণ স্পৰ্শ কৰিছিল। তাকে দেখি যশ নামৰ তেওঁৰ অমাত্যই কলে, ‘মহাৰাজ, এই শাক্য শ্ৰমণ সকলৰ মাজত সকলো জাতিৰে লোক আছে। তেওঁলোকৰ আগত আপুনি আপোনাৰ অভিষিক্ত মস্তক অৱনত কৰাটো উচিত নহয।’

 অশোকে কোনো উত্তৰ নিদিলে। কিছু সময়ৰ পিচত তেওঁ ছাগলী, ভেৰা আদি প্ৰাণীৰ মূৰ অনাই বিক্ৰী কৰালে। তাৰ পিচত যশক মানুহৰ মূৰ অনাই বেচাবলৈ কলে। ভেৰা ছাগলী আদি প্ৰাণীৰ মুৰ বেচি অলপ নহয় অলপ মূল্য পোৱা গল, কিন্তু মানুহৰ মূৰ কোনেও নিকিনিলে। তেতিয়া অশোকে কলে যে সেই মানুহৰ মূৰটো কাকো বিনামূল্যে দিয়া হওক। কিন্তু সেই মূৰ বিনামূল্যে লওঁতা কোনো লোককো যশ অমাত্যই বিচাৰি নাপালে। সেই কথা তেওঁ অশোকক জনালত অশোকে সুধিলে, ‘মানুহৰ এই মূৰ বিনামূল্যে দিয়াতো তাক কোনেও নলয় কিয়?’

 যশ—কিয়নো মানুহে সেই মূৰক ঘিণ কৰে।

 অশোক—মানুহে এই মানুহজনৰ মূৰকে ঘিণ কৰেনে, আটাইবোৰ মানুহৰ মুৰকে ঘিণ কৰে?


  1. উদান ৫|৫ আৰু ‘অঙ্গুত্তৰ নিকায়’, অট্‌ঠকনিপাত।