পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
ভগৱান বুদ্ধ
 

 ৰজা—যদি তাৰ অপৰাধ বধ্য তেন্তে মই তাক বধ কৰোৱাম, দণ্ডনীয় হলে দণ্ড বিহিম আৰু নিৰ্ব্বাসন কৰাৰ যোগ্য হলে মই তাক নিৰ্ব্বাসন দিয়াম, কিয়নো ব্ৰাহ্মণ আদি তাৰ প্ৰথমতে যি সংজ্ঞা আছিল সি তেতিয়া আৰু নাইকিয়া হৈছে। তেতিয়া অকল অপৰাধী বুলিহে গণ্য কৰা হব।
 কাত্যায়ন-তেনেহলে চাৰিওটা বৰ্ণ জানো সমান নহল?
 ৰজা—এই দৃষ্টিৰ পৰা চাৰিওটা বৰ্ণ সমান যেন লাগে।
 কাত্যায়ন—ধৰি লওক, এই চাৰিবৰ্ণৰ যি কোনো এটাৰ কোনো এজন লোক পৰিব্ৰাজক হল আৰু তেওঁ সদাচাৰ পালন কৰিবলৈ ললে। তেতিয়া আপুনি তেওঁৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰিব?
 ৰজা—মই তেওঁৰ বন্দনা কৰিম, তেওঁক উপযুক্ত সম্মান দেখুৱাম আৰু তেওঁক উপযুক্ত অন্নবস্ত্ৰ আদি সামগ্ৰীও উপহাৰ দিম কিয়নো তেতিয়া তেওঁৰ আগৰ সেই ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য বা শূদ্ৰ আদি সংজ্ঞা লোপ পাই অকল শ্ৰমণ সংজ্ঞাইহে তেওঁৰ চিনাকি দিব।
 কাত্যায়ন—তেনেহলে চাৰিওটা বৰ্ণ সমান যে তাৰ প্ৰমাণ পোৱা নগল নে?
 ৰজা—এইদৰে চালে চাৰিওটা বৰ্ণ অৱশ্যে সমান।
 কাত্যায়ন—সেই হেতুকেই মই কওঁ যে ব্ৰাহ্মণ বৰ্ণকে অকল শ্ৰেষ্ঠ বুলি কোৱাটো চিঞৰ-বাখৰৰ বাহিৰে আন একো নহয়।
 এই সংবাদৰ পিচত অৱন্তিপুত্ৰ ৰজাই মহাকাত্যায়নক কলে, ‘হে কাত্যায়ন, আপোনাৰ উপদেশ বৰ সুন্দৰ। যিদৰে ওলোটাই ৰখা বাচন ওপৰ-মুৱা কৰি দিয়া হয়, ঢাকনি দি থোৱা বস্তু মোকোলাই দিয়া হয়, অথবা চকু-থকা মানুহক আন্ধাৰত বয়-বস্তু দেখা পাবলৈ জোৰ জ্বলাই দিয়া হয়, সেইদৰে ভৱান্ কাত্যায়নেও ভালেমান প্ৰকাৰে ধৰ্ম্মোপদেশ দিলে। গতিকে মই ভৱান্ কাত্যায়নৰ ধৰ্ম্ম আৰু ভিক্ষু-