পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৫৩
 

 আশ্ব—হে গৌতম, যি কোনো জাতিৰ মানুহেই পাপ কৰিলে, মৰণৰ পিচত নৰকলৈ যায়; ব্ৰাহ্মণেই হওক বা অব্ৰাহ্মণই হওক, আটায়ে পাপৰ প্ৰাযশ্চিত্ত কৰিব লগাত পৰে।
 ভগৱান—তুমি জানো এই বুলি বিশ্বাস কৰা যে যদি কোনো ব্ৰাহ্মণে প্ৰাণীহত্যা নকৰে; চুৰি, ব্যভিচাৰ, অসত্যভাষণ, কুট-চৰ্চ্চা, গালি-গালাজ, বৃথা প্ৰলাপ, পৰধনৰ প্ৰতি লোভ, দ্বেষ আৰু নাস্তিকতা (এই দহ) পাপৰ পৰা নিবৃত্ত হয়, তেন্তে মৃত্যুৰ পিচত অকল তেওঁহে স্বৰ্গলৈ যাব আৰু আন বৰ্ণৰ লোক এইবোৰ পাপৰ পৰা নিবৃত্ত হলেও তেওঁলোেক স্বৰ্গলৈ যাব নোৱাৰে?
 আশ্ব—যি কোনো বৰ্ণৰ লোকে এই পাপ কৰ্ম্মৰ পৰা নিবৃত্ত হলে স্বৰ্গলৈ যাব, পুণ্য আচৰণৰ ফল ব্ৰাহ্মণ আৰু অব্ৰাহ্মণ উভয়ে সামনে লাভ কৰিব।
 ভগৱান—তোমাৰ জানো এনে বিবেচনা হয় যে এই প্ৰদেশত অকল ব্ৰাহ্মণেহে দ্বেষ-বৈৰ-বিৰহিত মৈত্ৰীভাৱনা কৰিব পাৰে আৰু ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰই তাক কৰিব নোৱাৰে?
 আশ্ব—চাৰিওটা বৰ্ণই মৈত্ৰী-ভাৱনা কৰিব পাৰে।
 ভগৱান-তেন্তে অকল ব্ৰাহ্মণবৰ্ণই শ্ৰেষ্ঠ আৰু বাকী আনবোৰ বৰ্ণ- হীন বুলি কোৱাৰ কি অৰ্থ আছে?
 আশ্ব—আপুনি লাগিলে যিয়েই নকওক, এইটো হলে ঠিক যে ব্ৰাহ্মণসকলে নিজকে শ্ৰেষ্ঠ আৰু আনবোৰ বৰ্ণক হীন বুলি ভাবে।
 ভগৱান-হে আশ্বলায়ন, ধৰি লোৱা কোনো প্ৰবল পৰাক্ৰমী ৰজাই আটাইবোৰ জাতিৰে এশ জন পুৰুষক গোট খুৱাই তাৰে ক্ষত্ৰিয়, ব্ৰাহ্মণ আৰু ৰাজকুলত জন্মলাভ কৰা মানুহ কেইজনক কলে, “হেৰি আপোনা- লোক এই ফালে আহক আৰু শাল বা চন্দনৰ নিচিনা উত্তম গহৰ খৰিৰে অগ্নি উৎপন্ন কৰক”, লগতে তাৰে চাণ্ডাল, নিষাদ আদি হীনকুলত