পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৫১
 

 এবাৰ ভগৱান বুদ্ধ শ্ৰাৱস্তীৰ অনাথপিণ্ডিকৰ আৰামত আছিল। সেই সময়ত কিবা কাৰণত ভিন ভিন দেশৰ পাঁচ শ ব্ৰাহ্মণ শ্ৰাৱন্তীত উপস্থিত হৈছিল। তেওঁলোকৰ মাজত এই প্ৰশ্ন উপস্থিত হল যে শ্ৰমণ গৌতমৰ মতে চাৰিওটা বৰ্ণৰ মানুহে মোক্ষ লাভ কৰিব পাৰে—এই কথাত তেওঁৰ লগত বাদ-বিবাদ কৰি কোনে তেওঁক পৰাস্ত কৰিব পাৰে? অৱশেষত স্থিৰ কৰা হল যে এই কামৰ বাবে আশ্বলায়ন ব্ৰাহ্মণকুমাৰকে নিযুক্ত কৰা যাওক।
 আশ্বলায়ন কুমাৰৰ অধ্যয়ন অলপতে মাথোন সমাপ্ত হৈছিল। নিঘণ্টু, ছন্দঃশাস্ত্ৰ আদি বেদাঙ্গৰে সৈতে চাৰিখন বেদ তেওঁৰ কণ্ঠস্থ হৈছিল; তথাপি তেওঁ জানিছিল যে বুদ্ধৰ লগত তৰ্ক কৰাটো সহজ কথা নহয়। তেওঁক বুদ্ধৰ লগত তৰ্ক কৰিবলৈ বছা হলত তেওঁ সেই ব্ৰাহ্মণ সকলৰ আগত কলে, হে শ্ৰমণ সকল, গৌতম ধৰ্ম্মবাদী; ধৰ্ম্মবাদী মানুহৰ লগত বাদ বিবাদ কৰাটো সহজ নহয়। মই বেদত পাৰঙ্গত হলেও গৌতমৰ লগত বিবাদ কৰিবলৈ সক্ষম নহওঁ।'
 ভালেখিনি সময় ধৰি আলোচনা পৰামৰ্শ কৰাৰ পিচত সেই ব্ৰাহ্মণ সকলে আশ্বলায়নক কলে,“হে আশ্বলায়ন, তুমি পৰিব্ৰাজক ধৰ্ম্মৰ অধ্যয়ন কৰিছা, আৰু বিনা যুদ্ধেৰে পৰাস্ত হোৱাটো তোমাৰ পক্ষে উচিত নহয়।'
 আশ্বলায়নে কলে, ‘গৌতমৰ লগত বিবাদ কৰাটো কঠিন, তথাপি আপোনালোকৰ আগ্ৰহৰ কাৰণে মই আপোনালোকৰ লগতে যাম।'
 তেতিয়া সেই ব্ৰাহ্মণসকলক লগত লৈ আশ্বলায়ন ভগৱানৰ ওচৰলৈ গল আৰু তেওঁৰ কুশল বাতৰি সুধি তেওঁলোক এফালে বহি পৰিল, তেতিয়া আশ্বলায়নে কলে, ‘হে গৌতম, ব্ৰাহ্মণে কয় “ব্ৰাহ্মণ বৰ্ণই শ্ৰেষ্ঠ, আন বৰ্ণবোৰ হীন। ব্ৰাহ্মণ বৰ্ণ শুক্ল, আন বৰ্ণকেইটা কৃষ্ণ। ব্ৰাহ্মণ সকলহে মোক্ষ লাভ কৰে, আনবোৰে নোৱাৰে। ব্ৰহ্মদেৱৰ মুখৰ পৰা ব্ৰাহ্মণৰ উৎপত্তি হৈছে, তেওঁলোক ব্ৰহ্মাৰ ঔৰস পুত্ৰ। গতিকে