পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
ভগৱান বুদ্ধ
 

কটকীৰ কাম কৰোঁতা লোক কটকী, চুৰি কৰি জীৱিকা চলাওঁতা লোক চোৰ, যুদ্ধ-কলাৰে পেট প্ৰৱৰ্ত্তন কৰা মানুহ যুঁজাৰু, যাগ-যজ্ঞৰে জীৱন নিৰ্ব্বাহ কৰা লোক যাজক আৰু ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলোৱা লোক ৰজা। কিন্তু এওঁলোকৰ কাকো জন্মৰ কাৰণে ব্ৰাহ্মণ বুলি কব নোৱাৰি।
 ‘যি সমগ্ৰ সংসাৰৰে বন্ধন কাটি দিয়ে, কোনো প্ৰকাৰৰ সাংসাৰিক দুখক ভয় নকৰে, যাৰ কোনো বিষয়ৰে প্ৰতি আসক্তি নাথাকে, তাকে মই ব্ৰাহ্মণ বুলি গণ্য কৰোঁ। আনে দিয়া গালি-শপনি, বধ-বন্ধ আদি যি সহ্য কৰে, ক্ষমাই যাৰ বল, তাকে মই ব্ৰাহ্মণ বোলোঁ। পদুমৰ পাতৰ পানীৰ কণিকাৰ নিচিনা যি ইহলোকৰ বিষয়-সুখত অলিপ্ত থাকে, তাকে মই ব্ৰাহ্মণ বোলো।......
 ‘জন্মৰ দ্বাৰা কোনো ব্ৰাহ্মণ বা অব্ৰাহ্মণ নহয়। কৰ্ম্মৰ দ্বাৰাই মানুহ ব্ৰাহ্মণ হয়, কৰ্ম্মৰ দ্বাৰাই মানুহ অব্ৰাহ্মণ হয়। কৰ্ম্মৰ দ্বাৰাই মানুহ খেতিয়ক হয়, কৰ্ম্মৰ দ্বাৰা মানুহ কাৰিকৰ হয়, কৰ্ম্মৰ দ্বাৰা মানুহ চোৰ হয়, কৰ্ম্মৰ দ্বাৰা মানুহ চিপাহী হয়, কৰ্ম্মৰ দ্বাৰা মানুহ যাজক হয় আৰু কৰ্ম্মৰ দ্বাৰাই মানুহ ৰজা হয়। কৰ্ম্মৰ দ্বাৰাই সমগ্ৰ জগৎ চলে। যিদৰে ধূৰাৰ ওপৰত নিৰ্ভৰ কৰি ৰথ চলে, তেনেদৰে সকলো প্ৰাণীয়ে নিজৰ নিজৰ কৰ্ম্মৰ ওপৰত নিৰ্ভৰ কৰি চলে।'
 বুদ্ধৰ উপদেশ শুনি ৱাসিষ্ঠ আৰু ভাৰদ্বাৰ তেওঁৰ উপাসক হৈ গল।

 ব্ৰাহ্মণ আৰু অব্ৰাহ্মণ সমান—ওপৰত দিয়া পুৰুষ-সূক্তৰ আধাৰত ব্ৰাহ্মণ সকলে এই বুলি দাবী কৰে যে ব্ৰহ্মদেৱৰ মুখৰ পৰা উৎপন্ন হোৱা হেতুকে তেওঁলোকে চাৰিওটা বৰ্ণৰ ভিতৰতে শ্ৰেষ্ঠ। 'মঝ্‌জিম নিকায়’ৰ অস্‌সলায়ন সুত্তত এই সম্বন্ধে দিয়া বুদ্ধ ভগৱানৰ সংবাদ বিশেষ মন কৰিব লগীয়া। এই সুত্তৰ সাৰাংশ হল এই—