পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৪৯
 

আমাৰ মতভেদৰ কথা কওঁ আৰু তেওঁ যি ৰায় দিয়ে তাকে মানি লওঁহক।'
 দুয়ো বুদ্ধৰ ওচৰলৈ গল আৰু কুশল বাতৰি আদি সুধি এফালে বহি গল। তাৰ পিচত ৱাসিষ্ঠই কলে, 'হে গৌতম, আমি দুয়ো শিক্ষিত ব্ৰাহ্মণ কুমাৰ। এওঁ তাৰুক্ষ্যৰ শিষ্য আৰু মই পুষ্কৰসাদীৰ শিষ্য। জাতি-ভেদ সম্বন্ধে আমাৰ দুয়োৰে মাজত বিবাদ হৈছে। তেওঁ কয় যে ব্ৰাহ্মণ জন্মৰ দ্বাৰা হয হয় আৰু মোৰ মতে ব্ৰাহ্মণ হয় কৰ্ম্মৰ দ্বাৰা। আপোনাৰ কীৰ্ত্তিৰ কথা শুনি আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আমাৰ বিবাদৰ নিৰ্ণয় কৰি দিয়ক।'
 ভগৱানে কলে, ‘হে ৱাসিষ্ঠ, তৃণ, গছ আদি বনস্পতিৰ ভিন ভিন জাতি পোৱা যায়। সেইদৰে কীট-পটঙ্গ আদি সৰু সৰু প্ৰাণীৰো জাতি-ভেদ আছে। সাপ, শ্বাপদ, জলচৰ মাছ, আৰু আকাশত উৰি ফুৰা চৰাই আদিৰো ভালেমান জাতি আছে। সেই প্ৰাণী সমুদায় বোৰত সিহঁতৰ ভিন্নতাৰ চিন স্পষ্টভাৱে দেখা যায়। কিন্তু মানুহৰ মাজত কোনো ভিন্নতাৰ চিন দেখিবলৈ পোৱা নাযায়। চুলি, কাণ, নাক, মুখ, ওঠ, চেলাউৰি, ডিঙি, পেট, পিঠি, হাত, ভৰি আদি অৱয়বত এজন মানুহ আন এজন মানুহতকৈ সম্পূৰ্ণভাৱে পৃথক নহয়। অৰ্থাৎ পশু-পক্ষীৰ ভিতৰত আকৃতি আদি বিষয়ত যিদৰে ভিন ভিন জাতি দেখা যায়, মানুহ-প্ৰাণীৰ মাজত তেনে ধৰণৰ জাতি পোৱা নাযায়। সকলো মানুহৰে অঙ্গ-প্ৰত্যঙ্গ প্ৰায় একে ধৰণৰ হোৱা হেতুকে মানুহৰ মাজৰ জাতি-ভেদ নিশ্চিত কৰিব পৰা নাযায়, কিন্তু কৰ্ম্মৰ দ্বাৰাহে মানুহৰ জাতি নিৰ্ণয় কৰিব পৰা যায়।
 যদি কোনো ব্ৰাহ্মণে গৰু পালন কৰি জীৱন নিৰ্ব্বাহ কৰে তেন্তে তেওঁক ব্ৰাহ্মণ নুবুলি গোৱাল বুলি ধৰিব লাগে। যি শিল্প-কলাৰে জীৱিকা চলায় তেওঁ কাৰিকৰ। যি বেহা-বেপাৰ কৰে তেওঁ বনিয়া,