পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
ভগৱান বুদ্ধ
 

ভাবিছিল আৰু তেওঁ তাৰ সৰ্ব্বতো প্ৰকাৰে নিষেধ কৰিছিল। আন আন শ্ৰমণ নেতাসকলে বুদ্ধৰ নিচিনাকৈ জাতি-ভেদ প্ৰথাৰ নিষেধ কৰা সম্বন্ধে কোনো প্ৰমাণ পোৱা নাযায়। তেওঁলোকৰ সংঘত অৱশ্যে জাতি-ভেদ নাছিল কিন্তু তেওঁলোকৰ উপাসক-মণ্ডলীৰ মাজত থকা জাতিভেদ হলে তেওঁলোকে নিষিব্ধ কৰা নাছিল। সেই কাম বুদ্ধই হলে কৰিছিল। তেওঁ কিদৰে তাক কৰিছিল, আমি এতিয়া তাৰে আলোচনা কৰোঁহক।
 আটাইতকৈ পুৰণি ৱাসেট্‌ঠসুত্ত 'সুত্তনিপাত' আৰু ‘মঝ্‌জিম্‌ নিকায়’ত জাতিভেদৰ বিৰুদ্ধে বুদ্ধৰ মতৰ উল্লেখ পোৱা যাযযায়। তাৰ সাৰাংশ হল এই—
 এবাৰ বুদ্ধ ভগৱান ইচ্ছানঙ্গল নামৰ গাৱঁৰ ওচৰৰ ইচ্ছানঙ্গল উপবনত আছিল। সেই সময়ত ইচ্ছানঙ্গল গাৱঁত ভালেমান প্ৰসিদ্ধ ব্ৰাহ্মণ আছিল। তাৰে ভিতৰত ৱাসিষ্ঠ আৰু ভাৰদ্বাজ নামৰ দুজন তৰুণ ব্ৰাহ্মণৰ মাজত এই সম্বন্ধে তৰ্ক আৰম্ভ হল যে—মানুহ জন্মৰ দ্বাৰা শ্ৰেষ্ঠ হয় নে কৰ্ম্মৰ দ্বাৰা?
 ভাৰদ্বাজে তেওঁৰ বন্ধুক কলে, ‘হে বাসিষ্ঠ, যি মাতৃ আৰু পিতৃৰ পক্ষৰ ফালৰ পৰা সাত পুৰুষ ধৰি শুদ্ধ, আৰু যাৰ কুলত সাত পুৰুষ ধৰি কোনো বৰ্ণসঙ্কৰ হোৱা নাই, সেই ব্ৰাহ্মণেই শ্ৰেষ্ঠ।'
 ৱাসিষ্ঠই কলে, ‘হে ভাৰদ্বাজ, যি মানুহ শীলসম্পন্ন আৰু কৰ্ত্তব্যদক্ষ তেওঁকেই ব্ৰাহ্মণ বুলি গণ্য কৰা উচিত।'
 বহুতো বাদ-বিবাদ চলিল। কিন্তু তেওঁলোকৰ এজনে আন জনক কোনো ৰকমে বুজাব নোৱাৰিলে। অৱশেষত ৱাসিষ্ঠই কলে, ‘হে ভাৰদ্বাজ, আমাৰ এই তৰ্কৰ ওৰ নপৰিব। চোৱা, আমাৰ গাৱঁতে সেই শ্ৰমণ গৌতম আছে। তেওঁ বুদ্ধ, পূজনীয়, সকলোৰে গুৰু—এই ভাৱে চাৰিওপিনে তেওঁৰ খ্যাতি শুনা যায়। বলা, আমি তেওঁৰ ওচৰলৈ গৈ