পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
ভগৱান বুদ্ধ
 

পালে। সেইবোৰ বঢ়া হেতুকে লোভ আৰু দ্বেষৰ মাত্ৰা বৃদ্ধি পালে আৰু তাৰ ফলত মিথ্যাদৃষ্টি বঢ়া হেতুকে আন সকলোবোৰ অসৎকৰ্ম্মও চাৰিওপিনে বাঢ়ি গল।

 মহাবিজিত ৰজাৰ পুৰোহিতে যি যজ্ঞবিধানৰ বৰ্ণনা কৰিছিল তাক ‘চক্কৱত্তিসীহনাদ সুত্ত’ৰ পৰা আৰু স্পষ্টভাৱে বুজিব পৰা যায়। মানুহৰ পৰা বলেৰে পশু কাঢ়ি নি বধ কৰাটো প্ৰকৃত যজ্ঞ নহয়, তাৰ ঠাইত ৰাজ্যৰ সকলোলোককে সমাজৰ উপযোগী কামত নিয়োগ কৰি নিবনুৱা সমস্যাৰ সমাধান কৰাটোহে প্ৰকৃত যজ্ঞ। বলিদানেৰে যাগ- যজ্ঞ কৰাৰ প্ৰথা কাহানিবাই লোপ পাইছে। কিন্তু তথাপিও প্ৰকৃত যজ্ঞ কৰাৰ চেষ্টা কদাচিৎহে দেখা যায়। নিবনুৱাৰ সংখ্যা কম কৰিবলৈ জাৰ্ম্মাণী আৰু ইতালীয়ে যুদ্ধৰ সামগ্ৰী বঢ়ালে, তাকে দেখি ফ্ৰান্স, ইংলেণ্ড আৰু আমেৰিকা আদি ৰাষ্ট্ৰয়ো যুদ্ধৰ সামগ্ৰী বঢ়াব লগীয়া হল। এতিয়া এখন যুদ্ধ আৰম্ভ হয় হে যেন আশঙ্কা হয়। ইফালে জাপানেতো চীনৰ ওপৰত আক্ৰমণ চলাই দিছেই। সিফালে মুচোলিনী আৰু হিটলাৰে কাইলৈ কি কৰে তাৰ কোনো ভৰসা নাই।[৭] এটা কথা হলে তেনেই স্পষ্ট—এই আটাইবোৰৰে শেষ পৰিণাম হব ৰণযজ্ঞ আৰু তাত আন আন প্ৰাণীবোৰতকৈ মনুষ্য প্ৰাণীৰে আহুতি অধিক পৰিব। যদিহে এই ৰণ-যজ্ঞত বাধা দিবলৈ বিচৰা হয়, তেন্তে মানুহক যুদ্ধ-সামগ্ৰী প্ৰস্তুতৰ কামত নলগাই, সমাজৰ উন্নতিমূলক কামত লগাব লাগিব। তেতিয়াহে বুদ্ধ ভগৱানে কৈ যোৱা যজ্ঞ-বিধান প্ৰচলিত হব। সেয়ে যেন হয়।

মূল প্ৰসঙ্গৰ পৰা ইয়াতে অলপ আঁতৰি যোৱা হল। বুদ্ধ ভগৱানৰ যজ্ঞ-বিধানৰ ব্যাখ্যা কল্পে এই কথা আনুষঙ্গিক যেন লাগিল। ওপৰত


(৭)^  এই কথা দ্বিতীয় মহাসমৰৰ আগতে লিখা হৈছিল, তাক তেনেভাৱেই থাকি-

বলৈ দিয়া হল।