পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৮ ]

 এনেবোৰ কাহিনীৰ পৰা বুদ্ধ-চৰিত্ৰৰ কাৰণে বিশ্বাসযোগ্য কথাবোৰ কিদৰে জুকিয়াই উলিয়াব পৰা যায়, তাক দেখুৱাৰ উদ্দেশ্যেই মই এই পুথি ৰচনা কৰিছোঁ। হয়তো কোনো কোনো উপযুক্ত কথাও মোৰ চকুত নপৰিব পাৰে আৰু বোধহয় মই এনে কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব পাৰোঁ যাৰ ওপৰত তেনে গুৰুত্ব দিয়াটো উচিত নহয়। কিন্তু মোৰ অনুসন্ধান পদ্ধতিত কিবা ভুল থকা বুলি হলে মোৰ ধাৰণা নহয়। মোৰ সম্পূৰ্ণ বিশ্বাস যে এই পদ্ধতি অনুসৰণ কৰিলেহে বুদ্ধ-চৰিত্ৰ তথা সেই সমযৰ বুৰঞ্জীৰ ওপৰত আলোকপাত কৰিব পৰা যাব। এই উদ্দেশ্য লৈয়েই মই এই পুথি লিখিছোঁ। ইয়াৰ কিছু অংশ কেইবছৰ- মানৰ আগতে ‘পুৰাতত্ত্ব’ নামৰ গুজৰাতী তিনিমহীয়া আলোচনী কাকত আৰু ‘বিবিধ জ্ঞান বিস্তাৰ নামৰ মাৰাঠী আলোচনী কাকতত প্ৰকাশ কৰা হৈছিল। কিন্তু এই পুথিত তাক সেইভাৱে দিযা হোৱা নাই। তাৰ ভালেখিনি সালসলনি কৰা হৈছে। অৱশ্যে সেই প্ৰৱন্ধাৱলীৰো কোনো কোনো অংশ এই পুথিতো লোৱা হৈছে, তথাপি এই পুথিখন সম্পূৰ্ণভাৱে মৌলিক বুলি কলে বোধহয় কোনো আপত্তি নহব।

 নৱভাৰত-গ্ৰন্থমালাৰ সম্পাদক মহোদয়ে এই পুথিখনৰ (মাৰাঠী) পাণ্ডুলিপি পঢ়ি চাই পুথিখনত বিশেষ ভাৱে আলোচনা থকা কেইটামান কথাৰ প্ৰতি মোৰ মনোযোগ আকৰ্ষণ কৰে। মোৰ বোধেৰে সেই সম্বন্ধে ইয়াতে আলোচনা কৰাটো উচিত হব। গতিকে সেই বিষয়ে চমুকৈ ইয়াতে আলচ কৰিলোঁ-

 (১) বুদ্ধৰ জন্মতিথি সম্বন্ধে বিভিন্ন মতৰ উল্লেখ কৰি উচিত প্ৰমাণেৰে সৈতে সেই সম্পৰ্কে এই পুথিত খৰচি মাৰি আলোচনা কৰাটো জানো উচিত নাছিল? আমাৰ পুৰণি অথবা মধ্যযুগীয় ৰাজ্যকৰ্ত্তা, ধৰ্ম্মগুৰু, গ্ৰন্থকাৰ আদি লোকসকলৰ জীৱনী লিখাৰ আগতে তেনে