পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২৩৯
 

বিচাৰে তেওঁলোকক যথেষ্ট পৰিমাণে মূলধন যোগোৱাৰ ব্যৱস্থা কৰাওক। যিসকলে চৰকাৰী চাকৰী কৰিবলৈ বিচাৰে তেওঁলোকক উচিত দৰ্ম্মহা দি উপযুক্ত কামত লগাওক। এইদৰে সকলো মানুহ নিজৰ নিজৰ কামত দক্ষ হৈ থাকিলে ৰাজ্যত বিদ্ৰোহ হোৱাৰ সম্ভাৱনা নাথাকিব; সময়ে সময়ে কৰ আদায় কৰাৰ ফলত ধনভঁৰাল ভৰি থাকিব। বিদ্ৰোহী সকলে দিয়া কষ্ট নাইকিয়া হলে মানুহে নিৰ্ভয়ে নিজৰ ঘৰৰ দুৱাৰ মেলি থৈ লৰা-ছোৱালীৰে সৈতে অতি আনন্দেৰে জীৱন কটাব।'

 পুৰোহিত ব্ৰাহ্মণে বিদ্ৰোহ দমন কৰিবলৈ দিয়া উপায় মহাবিজিত ৰজাৰ ভাল লাগিল। তেওঁ ৰাজ্যৰ খেতি কৰিবলৈ সমৰ্থ লোক সকলক বিধান আদি যোগাই খেতিত লগালে। যি সকলে বেহা-বেপাৰ কৰিব পাৰে তেনে লোক সকলক মূলধন দি বেহা-বেপাৰৰ অতিবৃদ্ধি কৰিলে আৰু যি সকল চৰকাৰী চাকৰীৰ যোগ্য তেনে লোকসকলক যথোচিত কামত নিযুক্ত কৰালে। এই ব্যৱস্থা কাৰ্য্যকৰী কৰাত মহাবিজিতৰ ৰাষ্ট্ৰ অলপ সময়ৰ ভিতৰতে সমৃদ্ধ হৈ পৰিল। চুৰি ডকাইতিৰ লেশমাত্ৰো নোহাৱা হোৱাৰ ফলত ৰাজ-ভঁৰাল কৰৰ ধনেৰে ভৰি গল আৰু ৰাইজে নিৰ্ভয় মনেৰে নিজৰ দুৱাৰ মেলি থৈ লৰা-ছোৱালী আপডাল কৰি সুখেৰে জীৱন নিয়াবলৈ ধৰিলে।

 এদিন মহাবিজিত ৰজাই পুৰোহিতৰ আগত কলে, ‘ব্ৰাহ্মণ, তুমি দেখুৱাই দিয়া উপায়ৰ দ্বাৰা মোৰ ৰাজ্যত বিয়পি পৰা উপদ্ৰৱ নষ্ট হৈ গল। মোৰ ৰাজভঁৰালৰ অৱস্থা বৰ ভাল আৰু ৰাষ্ট্ৰৰ সকলো ৰাইজে নিৰ্ভয়ে আৰু আনৰ মনেৰে জীৱন নিয়াইছে। এতিয়া মই মহাযজ্ঞ কৰিবলৈ বিচাৰিছোঁ। তাৰ বিধান মোক কোৱা।’

 পুৰোহিতে কলে, ‘যদি আপুনি মহাযজ্ঞ কৰিবলৈ বিচাৰে তেন্তে তাৰ আগতে আপুনি সেই সম্পৰ্কে প্ৰজাৰ অনুমতি সোয়া উচিত।