পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
ভগৱান বুদ্ধ
 

কৰা আম্ৰযষ্টি বনলৈ গল আৰু ভগৱানৰ কুশল বাতৰি সুধি এফালে বহি পৰিল। সেই ব্ৰাহ্মণ সকলৰ কোনো কোনোৱে ভগৱানক নমস্কাৰ কৰি, কোনো কোনোৱে নিজৰ নাম গোত্ৰ কৈ আৰু কুশল প্ৰশ্নাদি কৰি এফালে বহি গল।

 তাৰ পিচত কূটদন্তই ভগৱানক সম্বোধন কৰি কলে, ‘মই শুনিছো যে আপুনি হেনো উত্তম যজ্ঞ-বিধি জানে। যদি আপুনি আমাক সেই কথা বুজাই দিয়ে, তেন্তে বৰ ভাল হয়।’

 তেতিয়া ভগৱানে এই কথা শুনালে—

 প্ৰাচীন কালত মহাবিজিত নামেৰে এজন প্ৰখ্যাত ৰজা আছিল। এদিনাখন তেওঁ অকলশৰে বহি থাকোঁতে তেওঁৰ মনত এই ভাৱ খেলালে —মোৰ বহুতো সম্পত্তি আছে, তাক যদি মহাযজ্ঞত ব্যয় কৰা যায় তেন্তে সি মোৰ কাৰণে চিৰকাললৈ হিতাৱহ আৰু সুখাৱহ হব। তেওঁ সেই কথা তেওঁৰ পুৰোহিতৰ আগত ব্যক্ত কৰি কলে, ‘হে ব্ৰাহ্মণ, মই মহা- যজ্ঞ কৰিবলৈ ইচ্ছা কৰিছোঁ। কিদৰে তাক সম্পাদন কৰিলে মোৰ কাৰণে হিতাৱহ আক সুখাৱহ হব, তাক মোক কোৱা।’

 পুৰোহিতে কলে, এই সময়ত আপোনাৰ ৰাজ্যত শান্তি নাই, গাওঁ আৰু নগৰত লোট-পাট, ডকাইতি চলিছে। এনে অৱস্থাত যদি আপুনি ৰাইজৰ ওপৰত কৰ লগায়, তেন্তে আপুনি কৰ্ত্তব্য-বিমুখ হব। আপুনি ভালদৰে জানে যে শিৰচ্ছেদ কৰি, কাৰাগাৰত দি, জৰিমনা কৰি বা নির্ব্বাসন বিহি চোৰহঁতৰ বিহিত ব্যৱস্থা কৰিব পৰা যায়। কিন্তু সেই উপায়েৰে সম্পূৰ্ণভাৱে বিদ্ৰোহ লোপ কৰিব নোৱাৰি, কিয়নো যিবোৰ চোৰ থাকি যাব, সিহঁতে আকৌ বিদ্ৰোহ কৰিব। সিহঁতক সম্পূৰ্ণভাৱে নিৰ্ম্মুল কৰাৰ উপায় হল—যিবোৰ লোকে আপোনাৰ ৰাজ্যত খেতি কৰিবলৈ বিচাৰে, তেওঁলোকক বীজ আদি বস্তু ভালদৰে যোগোৱাৰ কাৰণে আপুনি দিহা কৰাওক। যি সকলে বেহা-বেপাৰ কৰিবলৈ