কিদৰে জোৰ-জুলুম চলোৱা হৈছিল, সেই সম্বন্ধে তলত দিয়া গাথাৰ পৰা অনুমান কৰিব পৰা যায়ঃ
দদন্তি একে ৱিসমে নিৱিট্ঠা
ছেত্বা ৱধিত্বা অথ সোচয়িত্বা।
সা দক্খিণা অস্সুমুখা সদণ্ডা।
সমেন দিন্নস্স ন অগ্ঘমেতি॥
অৰ্থাৎ ‘কোনো কোনো লোকে বিষম মাৰ্গত নিৱিষ্ট হৈ, মাৰধৰ কৰাই, মানুহক শোক দি দান কৰে। তেনে লোকৰ চকু পানীৰে পৰিপুৰ্ণ, দণ্ডমুলক দক্ষিণা সমত্বেৰে দিয়া দানৰ সমান মূল্যৱান হব নোৱাৰে।’
সেই সময়ত যাগ-যজ্ঞৰ নিচিনাকৈ পেট প্ৰৱৰ্ত্তনৰ বাবেও ভালেমান প্ৰাণী হত্যা কৰা হৈছিল। গৰু মাৰি তাৰ মঙহ চাৰি আলিত বিক্ৰী কৰাৰ প্ৰথাৰ বৰ চল আছিল।[৬] কিন্তু বুদ্ধই যাগ-যজ্ঞ যিদৰে নিষেধ কৰিছে, এই কথাৰ হলে তেনেকৈ নিষেধ কৰা নাই। তাৰ পৰা এইটো ধৰি লোৱা উচিত নহব যে বুদ্ধই চাৰি আলিত মাংস বেচাটো ভাল পাইছিল। কিন্তু কোনো যাগ-যজ্ঞৰ তুলনাত ইয়াৰ একো গুৰুত্ব নাছিল। কচাইৰ হাতলৈ যি গাই বা বলধ গৈছিল সি গাখীৰ দিয়া গাই নাছিল আৰু তেনে বলধ খেতিৰ কামৰ উপযোগী নাছিল, গতিকে তাৰ কাৰণে কোনেও চকুপানী নুটুকিছিল। কিন্তু যজ্ঞৰ কথা সুকীয়া আছিল। আমি কল্পনা কৰিব পাৰো যে একোটা যজ্ঞত পাঁচ শ বা সাত শকৈ দমৰা বা দামুৰী বধ কৰিলে খেতিৰ কাৰণে কিমান ক্ষতি হৈছিল আৰু তাৰ কাৰণে খেতিয়ক সকলে কিমান কষ্ট পাইছিল। আৰু বুদ্ধই যদি সেই অত্যাচাৰ নিষেধ কৰিছিল তেন্তে তেওঁক কিদৰে বেদৰ নিন্দাকাৰী বোলা যায়?
- (৬)^ সেয়্যথাপি ভিক্খৱে দক্খো গোদাতকো বা গোঘাতকন্তেৱাসী বা গাৱিং ৱধিত্বা
চাতুম্মহাপথে বিলসো ৱিভিজিত্বা নিসিন্নো অস্স। (সতিপঠ্ ঠানসুত্ত)।