পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
ভগৱান বুদ্ধ
 

কান্দি সেই কাম কৰি থাকে। ইযাকে কোৱা হয় আত্মন্তপ আৰু পৰন্তপ।’

 ৰাইজে গো-হিংসা সমৰ্থন নকৰিছিল—এই দাস, দূত আৰু কৰ্ম্মচাৰীহঁতে চকুপানী টুকি টুকি যজ্ঞৰ কাম কৰিছিল কিয়? ইয়াৰ কাৰণ আছিল এয়ে যে যজ্ঞ বধ কৰা পশুবোৰ দুখীয়া খেতিয়কহঁতৰ পৰা বলেৰে কাঢ়ি অনা হৈছিল আৰু তাৰ ফলত খেতিয়ক সকলৰ বৰ কষ্ট হৈছিল। ‘সুত্তনিপাত’ৰ ব্ৰাহ্মণধম্মিকসুত্তত অতি পুৰণি কালৰে পৰা ব্ৰাহ্মণ সকলৰ মাজত চলি অহা আচৰণৰ কথা বৰ্ণনা কৰা হৈছে। তাত তলত দিয়া গাথাটো পোৱা যায়ঃ

যথা মাতা পিতা ভাতা অঞ্‌ঞে ৱাহপি ঞাতকা
গাৱো নো পৰমা মিত্তা যাসু জায়ন্তি ওসধা॥
অন্নদা বলদা চেতা ৱণ্ণদা সুখদা তথা।
এতমৎথৱসং ঞত্বা নাস্সু‌ গাৱো হনিংসুতে॥

 অৰ্থাৎ ‘পিতা-মাতা, ভাই আৰু আন আন ইষ্টকুটুম্বৰ নিচিনাকৈয়ে গৰুও আমাৰ মিত্ৰ, কিয়নো গৰুৰ ওপৰতে খেতি নিৰ্ভৰ কৰে। সিয়েই আমাক অন্ন, বল, কান্তি আৰু সুখ দিওঁতা। এই কাৰণ জানিহে প্ৰাচীন ব্ৰাহ্মণসকলে গোহত্যা নকৰিছিল।’

 ইয়াৰ পৰা দেখা যায় যে সাধাৰণ ৰাইজৰ চকুত গৰু নিজৰ পৰিয়ালৰ লোকৰ নিচিনা লাগিছিল, গতিকে যাগ-যজ্ঞত যধে মধে গৰু হত্যা কৰাটো তেওঁলোকে সমূলি ভাল নাপাইছিল। ৰজা আৰু ধনী লোক সকলে নিজৰ নিজৰ গৰু বধ কৰাহেঁতেন তেওঁলোকৰ দাস আৰু কৰ্ম্মচাৰী- হঁতে কন্দাৰ কোনো কাৰণ নাছিল। কিন্তু তেওঁলোকৰ নিচিনা দুখীয়া খেতিয়কৰ পৰাই সেই পশুবোৰ বলেৰে অনা হেতুকে তেওঁলোকৰ অতিশয় দুখ হোৱাটো স্বাভাৱিক আছিল। যজ্ঞৰ বাবে মানুহৰ ওপৰত