[ ২৭ ]
আধাৰতে জাতক অট্ঠকথাকাৰে নিজৰ বুদ্ধ-চৰিত্ৰ কথাৰ ৰচনা কৰিছে। ‘ললিতৱিন্তৰ’ৰ ৰচনাও ‘দীঘনিকায়’ৰ মহাপদান সুত্তৰ আধাৰত কৰা হৈছে। সেই সুত্তত ৱিপস্ সী বুদ্ধৰ জীৱনী অতি বিস্তাৰিতভাৱে দিয়া হৈছে আৰু সেই জীৱনীৰ আলম লৈ ‘ললিতৱিন্তৰ’ ৰচোঁতাই নিজৰ পুৰাণৰো ৰচনা কৰিছে। এইদৰে গৌতম বুদ্ধৰ জীৱন-চৰিত্ৰত ভালেমান অসঙ্গত অথবা কল্পনাপ্ৰসূত কথা সোমাই পৰিছে।
মহাপদান সুত্তৰ পৰা কিছুমান ভাগ বেলেগে উলিয়াই তাক সুত্ত- পিটকতে গৌতম বুদ্ধৰ চৰিত্ৰৰ লগত জুৰি দিয়া হৈছে। উদাহৰণস্বৰূপে তিনিটা প্ৰাসাদৰ কাহিনীলৈ লক্ষ্য কৰক—‘ৱিপস্ সী ৰাজকুমাৰ থকাৰ বাবে তিনিটা প্ৰাসাদ আছিল। এই কথাৰ পৰা এইদৰে কল্পনা কৰা গল যে গৌতম বুদ্ধ থকাৰ কাৰণেও তিনিটা প্ৰাসাদ থকা উচিত। তাৰ পিচত গৌতম বুদ্ধৰ মুখৰ পৰাই এই কথা উলিৱা হল যে তেওঁ থকাৰ কাৰণে তিনিটা প্ৰাসাদ আছিল আৰু তেওঁ এই প্ৰাসাদ কেইটাত অতিশয় বিলাসিতাৰে জীৱন নিৰ্ব্বাহ কৰিছিল। মই পিচলৈ চতুৰ্থ অধ্যায়ত এই কথাৰ অসম্ভাৱ্য়তা দেখুৱাই দিছোঁ। কিন্তু ‘অঙ্গুত্তৰ নিকায়’ত এই কথা পোৱা যায় আৰু এই নিকায়ত অশোকৰ ভাবৰূ শিলালিপিৰ দুটা সুত্তও পোৱা যায়। সেইবাবে এই কথা মোৰ ঐতিহাসিক যেন লাগিছিল। পিচত ভালদৰে বিবেচনা কৰি স্পষ্টভাৱে বুজিব পাৰিলোঁ যে ‘অঙ্গুত্তৰ নিকায়’ৰ ভালেমান কথা পিচত সাঙুৰি দিয়া হৈছে। তিনিবিধ বস্তুৰ লগত সম্পৰ্ক থকা কথাবোৰ তিকনিপাতত সংগ্ৰহ কৰা হৈছে, তাত পুৰণি আৰু নতুন কথা সম্বন্ধে বিবেচনা কৰা যেন অনুমান নহয়।[২]
- (২)^ ‘মহাপদান সুত্ত’ত দিয়া বিপস্ সী বুদ্ধৰ সাধুকথা আংশিকভাৱে গৌতম বুদ্ধৰ
চৰিত্ৰত কিদৰে সোমাইছে আৰু তাৰ কোনখিনি সুত্তপিটকত পোৱা যায়, তাক এই পুথিৰ পৰিশিষ্টত মুকলিকৈ দেখুৱাই দিয়া হৈছে।