ইমানখিনি ভেৰা মৰা যাওক। এইদৰে তেওঁ পোন পহিলতে সকলো প্ৰকাৰৰ দুখ উৎপন্ন কৰা অকুশল চিত্ত-শস্ত্ৰ ধাৰণ কৰে। তাৰ পিচত নিজৰ মুখেৰে এই প্ৰাণীবোৰক মাৰিবলৈ আদেশ দিয়ে, এইদৰে তেওঁ অকুশল দুখোৎপাদক বাচা-শস্ত্ৰ তুলি লয়। তাৰ পিচত সেই শ্ৰেণীবোৰক বধ কৰিবলৈ নিজেই হত্যাৰ কাম আৰম্ভ কৰি দিয়ে আৰু তাৰ দ্বাৰা দুখ উৎপন্ন কৰা অকুশল কায়-শস্ত্ৰ ধাৰণ কৰে।
‘হে ব্ৰাহ্মণ, এই তিনিবিধ অগ্নি ত্যাগৰ, পৰিবৰ্জ্জনৰ যোগ্য, ইয়াক সেৱন কৰা উচিত নহয়। সিনো কি কি? সি হল কামাগ্নি, দ্বেষাগ্নি আৰু মোহাগ্নি। যি মানুহ কামাভিভূত হয় সি কায়-মন-বাক্যেৰে কুকৰ্ম্ম কৰে আৰু তাৰ ফলত মৰণৰ পিচত দুৰ্গতি ভোগ কৰে। দৰে দ্বেষ আৰু মোহৰ দ্বাৰা অভিভূত মানুহেও কায়-বাক্য আৰু মনেৰে কুকৰ্ম্ম কৰি দুৰ্গতি ভোগ কৰে। গতিকে এই তিনিবিধ অগ্নি ত্যাগ আৰু পৰিবৰ্জন কৰা উচিত, তাক সেৱন কৰা উচিত নহয়।
‘হে ব্ৰাহ্মণ, এই তিনিবিধ অগ্নিৰ সৎকাৰ কৰিব লাগে, ইয়াক সন্মান দিব লাগে, ভালদৰে, সুখেৰে ইয়াৰ পূজা আৰু পৰিচৰ্য্যা কৰিব লাগে। এই অগ্নিনো কি কি? ই হল আহৱনীয় অগ্নি (আহুনেয়্যগগি), গাৰ্হপত্যাগ্নি (গহপতগ্গি) আৰু দক্ষিণাগ্নি (দকখিণেয়্যগ্গি)। মাক- বাপেকক আহৱনীয় অগ্নি বুলি গণ্য কৰিব লাগে আৰু অতিশয় আদৰ সৎকাৰেৰে তেওঁলোকৰ পূজা কৰিব লাগে। পত্নী আৰু ল'ৰা-ছোৱালী, দাস আৰু কৰ্ম্মচাৰীক গাৰ্হপত্যাগ্নি বুলি ধৰিব লাগে আৰু যথেষ্ট আদৰেৰে তেওঁলোকৰ পূজা কৰিব লাগে। শ্ৰমণ ব্ৰাহ্মণক দক্ষিণাগ্নি বুলি গণ্য কৰিব লাগে আৰু আদৰ সৎকাৰ কৰি তেওঁলোকৰ পূজা কৰা উচিত। হে ব্ৰাহ্মণ, এই খৰিবোৰৰ জুই কেতিয়াবা জলাব লাগে,