পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
ভগৱান বুদ্ধ
 

কৰে, গতিকে এই যজ্ঞ অমঙ্গলীযা। এই সম্বন্ধে ‘অঙ্গুত্তৰনিকায়’ৰ সুত্ত- নিপাতত এটা সুত্ত পোৱা যায়, তাৰ ৰূপান্তৰ হল এইঃ

 এবাৰ ভগৱান বুদ্ধই শ্ৰাৱস্তীৰ জেতবনত অনাথপিণ্ডিকৰ আৰামত অৱস্থান কৰিছিল। সেই সময়ত উদগত শৰীৰ (উগ্‌গত সৰীৰ) ব্ৰাহ্মণে মহাযজ্ঞৰ আয়োজন কৰিছিল। পাঁচ শ বলধ, পাঁচ শ দমৰা, পাঁচ শ দামুৰী, পাঁচ শ ছাগলী আৰু পাঁচ শ ভেৰা বলি দিবলৈ বলিশালত বন্ধা হৈছিল। তেতিযা উদগত শৰীৰ ব্ৰাহ্মণ ভগৱানৰ ওচৰলৈ গল আৰু তেওঁৰ কুশল বাতৰি সুধি এপিনে বহি পৰিল। তাৰ পিচত সুধিলে, ‘হৈ গৌতম, মই শুনিছোঁ যে যজ্ঞৰ অৰ্থে অগ্নি সৃষ্টি কৰা আৰু বলিশাল পতাটো হেনো মহাফলদায়ক হয?’

 ভগৱানে কলে, ‘হে ব্ৰাহ্মণ, ময়ো শুনিছোঁ যে যজ্ঞৰ বাবে অগ্নি সৃষ্টি কৰা আৰু বলিশাল পতাটো মহৎ ফলদায়ক হয়।’

 ব্ৰাহ্মণে এই বাক্য আৰু দুবাৰ কলে আৰু ভগৱানেও ঠিক সেয়েই উত্তৰ দিলে। তেতিয়া ব্ৰাহ্মণে কলে, ‘তেনেহলে আমাৰ দুয়োৰে মত একে।’

 তেতিয়া আনন্দই কলে, ‘তোমাৰ এই প্ৰশ্ন ঠিক নহয়। “মই শুনিছোঁ” বুলি কোৱাতকৈ তুমি এই বুলি কোৱা “মই যজ্ঞৰ বাবে অগ্নি সৃষ্টি আৰু বলিশাল পোতাৰ আযোজন কৰিছে। এই বিষয়ে ভগৱানে মোক এনে উপদেশ দিয়ক যাতে চিৰকালৰ বাবে কল্যাণ হয়।”’

 আনন্দৰ কথামতে ব্ৰাহ্মণে ভগৱানক প্ৰশ্ন কৰিলত ভগৱানে কলে, ‘যি যজ্ঞৰ বাবে অগ্নি সৃষ্টি কৰে আৰু বলিশাল পোতে, সি তিনিটা দুঃখ উৎপাদক শস্ত্ৰ ধাৰণ কৰে। সিনো কি কি? সি হল—কায়-শস্ত্ৰ, বাচা- শস্ত্ৰ আৰু চিত্ত-শস্ত্ৰ। যি যজ্ঞৰ আয়োজন কৰে, তেওঁৰ মনলৈ এই ভাৱ আহে যে ইমান বলধ, ইমান দমৰা, ইমান দামুৰী, ইমান ছাগলী আৰু