পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


যাগ-যজ্ঞ

পৌৰাণিক বুদ্ধ

 হিন্দুসকলে বিষ্ণুক নৱম অৱতাৰ বুলি মানে। ‘বিষ্ণুপুৰাণত’ এই বুলি কোৱা হৈছে যে বিষ্ণুৱে বুদ্ধ অৱতাৰ ধাৰণ কৰি অসুৰহঁতক মোহিত কৰে আৰু দেৱীৰ হতুৱাই তেওঁলোকৰ উচ্ছেদ কৰায়। ইয়াৰ সাৰাংশ ‘ভাগৱত’ৰ তলত দিয়া শ্লোকত পোৱা যায়ঃ

ততঃ কলৌ সংপ্ৰয়াতে সংমোহায় সুৰদ্বিষাম্।
বুদ্ধো নামাহজনসুতঃ কীকটেষু ভৱিষ্যতি॥

অৰ্থাৎ ‘ইয়াৰ পিচত কলি যুগ পৰিলত অসুৰহঁতক মোহিত কৰিবলৈ বুদ্ধ নামৰ অজন-পুত্ৰ কীট দেশত ওপজিল।’  সাধাৰণ হিন্দু ৰাইজে বুদ্ধাৱতাৰ সম্বন্ধে বিশেষ খবৰ নাৰাখে। শাস্ত্ৰীয় পণ্ডিত আৰু পুৰাণ শুনোতা চিন্তাশীল হিন্দুৱে বুদ্ধ সম্বন্ধে যিখিনি জানে সি ‘বিষ্ণুপুৰাণ’ বা ‘ভাগৱত’ৰ তথ্যতে সীমাবদ্ধ চাগৈ।

 স্বৰ্গীয় বিষ্ণুশাস্ত্ৰী চিপলূণকৰৰ কল্পনা—পছিমীয়া দেশৰ মেক্সমূলৰৰ গুৰু খ্যাতনামা ফৰাচী পণ্ডিত বৰ্ণুফৰ প্ৰথমতে বৌদ্ধধৰ্ম্মৰ প্ৰতি ধ্যান আকৰ্ষিত হয়, কিন্তু যথেষ্ট তথ্য-পাতি নোপোৱা হেতুকে তেওঁ এই ধৰ্ম্মৰ আৱশ্যকীয় কথাবোৰ পছিমীয়া ৰাইজৰ আগত দাঙি ধৰিব নোৱাৰিলে। তথাপি আগতে পছিমীয়া ৰাইজৰ মাজত বৌদ্ধধৰ্ম্ম উপেক্ষণীয় আৰু এই সম্বন্ধে আলোচনা কৰাৰ আৱশ্যকতা নাই বুলি যি ধাৰণা আছিল বৰ্ণুফৰ চেষ্টাৰ ফলত তাৰ যথেষ্ট পৰিবৰ্ত্তন হয় আৰু তাৰ ফল স্বৰূপে ডক্তৰ উইলচনৰ নিচিনা যীশুভক্তয়ো বৌদ্ধধৰ্ম্মৰ অধ্যয়ন কৰিবলৈ লয় আৰু তেওঁৰ সান্নিধ্যৰ ফলত আমাৰ দেশৰ কলেজত শিক্ষা