লোহিত্য—অহিতানুকম্পী, হে গৌতম!
ভগৱান—এনে মানুহৰ মন মৈত্ৰীপূৰ্ণ নে বৈৰময়?
লোহিত্য—বৈৰময়, হে গৌতম!
ভগৱান—বৈৰচিত্ত মানুহ মিথ্যাদৃষ্টিৰ নে সম্যক দৃষ্টিৰ?
লোহিত্য—মিথ্যা দৃষ্টিৰ, হে গৌতম!
কুশল কৰ্মেৰে অকুশলক জয় কৰা উচিত—ইয়াত আৰু আন ভালেমান ঠাইত বুদ্ধ ভগৱানে কৈ গৈছে যে প্ৰচলিত অকুশল কুসংস্কাৰৰ বিৰুদ্ধ যদি কোনোবাই কুশল বিচাৰ ভাবি উলিয়াব পাৰে তেন্তে তাক ৰাইজৰ আগত প্ৰচাৰ কৰা প্ৰতিজন সজ্জন লোকৰে শ্ৰেষ্ঠ কৰ্ত্তব্য, বেয়া কৰ্ম্ম কৰোঁতাৰ কোনো প্ৰতিকাৰ নকৰাটো নাইবা তেনে লোকৰ নিচিনাকৈয়ে আচৰণ কৰি তেনে বেয়া কাম কৰিবলৈ দিয়া সজ্জনৰ কৰ্ত্তব্য নহয়।
ব্ৰাহ্মণসকলৰ মতে যাগ-যজ্ঞ আৰু বৰ্ণ-ব্যৱস্থা প্ৰজাপতিয়েই সৃষ্টি কৰিছে, গতিকে সেই অনুসৰি অনুষ্ঠিত কৰ্ম্ম পবিত্ৰ হয়। কিন্তু ভগৱানৰ মতে তৃষ্ণাৰ পৰা উৎপন্ন হিংসাদি কৰ্ম্ম কেতিয়াও শুদ্ধ হব নোৱাৰে। তাৰ বাবেই মানুহ বিষম মাৰ্গত আৱদ্ধ হৈ থাকে আৰু তেনে কৰ্ম্মৰ বিপৰীতে কুশল কৰ্ম্ম কৰিলেহে এই বিষম মাৰ্গৰ পৰা মানুহে মুক্তি পাব।
‘মঝ্জিমনিকায়’ৰ সল্লেখসুত্তত [(সং ৮)] ভগৱানে কয়, হে ‘চুন্দ, যত আনলোকে হিংসাবৃত্তি আচৰণ কৰে, তাত আমি অহিংসক হওঁহক—এই স্বচ্ছতা কৰিব লাগে। আনে প্ৰাণঘাত কৰে, আমি প্ৰাণঘাতৰপৰা নিবৃত্ত হওঁচোন—এনে স্বচ্ছতা কৰিব লাগে। আনে
- (৮)^ শঙ্খ আদি বস্তুক ঘহি ঘহি পৰিষ্কাৰ কৰা হয়, তাকে সল্লেখ বোলা হয়। ইয়াত আত্মশুদ্ধিৰ অৰ্থত ‘স্বচ্ছতা’ শব্দৰ প্ৰয়োগ কৰা হৈছে।