কুশল তত্ত্বৰ বোধ হয় তেন্তে তেওঁ তাক আনৰ আগত কব নালাগে, এজন মানুহে আন এজন মানুহৰ বাবে কি কৰিব পাৰে? তেওঁ আন জনৰ আগৰ পুৰণি বন্ধন কাটি এই নতুন বন্ধনৰ সৃষ্টি কৰিব, গতিকে
মোৰ মতে ই লোভী আচৰণ।’
যেতিয়া লোহিত্য ব্ৰাহ্মণে শুনিলে যে ভগৱান বুদ্ধ তেওঁৰ গাৱঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ ৰোসিকা নামৰ নাপিত এজনক পঠাই ভগৱানক আমন্ত্ৰণ জনালে আৰু পিচ দিন ভোজন প্ৰস্তুত কৰি সেই নাপিতৰ হতুৱায়ে ভোজন প্ৰস্তুত হোৱাৰ বাতৰি ভগৱান্ আৰু ভিক্ষু সংঘক দিয়ালে। নিজৰ পাত্ৰ আৰু চীৱৰ লৈ ভগৱানে লোহিত্য ব্ৰাহ্মণৰ ঘৰলৈ যাত্ৰা কৰিলে। বাটত ৰোসিকা নাপিতে ভগৱানৰ আগত লোহিত্য ব্ৰাহ্মণৰ মতৰ কথা কলে আৰু লগতে এই বুলিও কলে, ‘ভদন্ত, এই পাপকাৰক মতৰ পৰা আপুনি লোহিত্যক মুক্ত কৰক।’
লোহিত্যই ভগৱান আৰু ভিক্ষু-সংঘক আদৰ সৎকাৰ কৰি ভোজন কৰালে। ভোজনৰ পিচত ভগৱানে তেওঁক সুধিলে, ‘হে লোহিত্য, তুমি জানো এই বুলি কোৱা যে কাৰোবাৰ কুশল তত্ত্বৰ বোধ হলে তেওঁ সেই কথা আনৰ আগত কব নালাগে?’
লোহিত্য—হয়, গৌতম! কওঁ।
ভগৱান—হে লোহিত্য, তুমি এই শালৱতিকা গাৱঁত থাকা। এতিয়া যদি কোনোবাই কয় যে এই শালৱতিকা গাৱঁৰ সকলোখিনি আয় অকল লোহিত্যইহে পাব লাগে, আন কাকো একো দিব নালাগে, তেন্তে তেনেকৈ কোৱা জনৰ দ্বাৰা জানো তোমাৰ ওপৰত নিৰ্ভৰ কৰি চলা (এই গাৱঁৰ) ৰাইজৰ অকল্যাণ নহব?
লোহিত্য,—হয়, হব।
ভগৱান—যি আনৰ বাবে অন্তৰায়ৰ সৃষ্টি কৰে তেওঁ তেওঁলোকৰ হিতানুকম্পা নে অহিতানুকম্পী?