পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
ভগৱান বুদ্ধ
 


প্ৰতি অতিশয় আগ্ৰহ আৰু উৎসাহ ৰাখিব লাগে বুলি ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইতে উপদেশ পোৱা যায়। ইয়াত সেই আটাইবোৰকে দিয়া হোৱা নাই। তথাপি উদাহৰণ হিচাপে আমি তাৰে এটা চমু উপদেশ ইয়াতে তুলি দিওঁহক—

 বুদ্ধ ভগৱানে কয়, ‘ভিক্ষু, মুনিহ, তিৰোতা, গৃহস্থ বা প্ৰব্ৰজিতই এই পাঁচোটা কথা সম্বন্ধে সততে চিন্তা কৰা উচিত (১)—তেওঁ বাৰেবাৰে এই কথা মনত ৰখা উচিত যে তেওঁ জৰা-ধৰ্ম্মী, কিয়নো যি তাৰুণ্য-মদৰ কাৰণে প্ৰাণীয়ে কায-বাক্য-মনেৰে দুৰাচৰণ কৰে—সি এনেদৰে চিন্তা কৰাৰ ফলত নষ্ট হয়, অন্ততঃ কমি যায়। (২) তেওঁ বাৰে বাৰে এই কথা মনত ৰখা উচিত যে তেওঁ ব্যাধি-ধৰ্ম্মী, কিয়নো যি আৰোগ্য মদৰ দ্বাৰা প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই মদ এনে ধৰণৰ চিন্তাৰ ফলত লোপ পায়, নহলে অন্ততঃ কমি যায়। (৩) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে তেওঁ মৰণধৰ্ম্মী, কিয়নো যি জীৱিত মদৰ কাৰণে প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই মদ এনেদৰে চিন্তা কৰিলে নাইকিয়া হয়, অন্ততঃ কমি যায়। (৪) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে প্ৰিয় আৰু ভাল লগা (প্ৰাণী বা পদাৰ্থৰ ) বিয়োগ তেওঁ সহ্য় কৰিব লাগিব, কিয়নো যি প্ৰিয়সকলৰ স্নেহৰ কাৰণে প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই স্নেহ এনেদৰে ভবাৰ ফলত নষ্ট হয়, অন্ততঃ কমি যায়। (৫) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে তেওঁ কৰ্ম্ম-স্বকীয়, কৰ্ম্ম-দায়াদ, কৰ্ম্ম-যোনি, কৰ্ম্ম-বন্ধু আৰু কৰ্ম্ম-প্ৰতিশৰণ আৰু তেওঁ যি কল্যাণকাৰক বা পাপকাৰক কৰ্ম্ম কৰে তেওঁ তাৰ দায়াদো হব লাগিব, কিয়নো এনেদৰে চিন্তা কৰিলে কায়িক, বাচসিক আৰু মানসিক দুৰাচৰণ নাইকিয়া হয়, নহলে অন্ততঃ হ্ৰাস পায়।

 ‘মই অকলে নহয়, বৰষ্ণ সকলো প্ৰাণী জৰাধৰ্ম্মী, ব্যাধিধৰ্ম্মী, মৰণধৰ্ম্মী, সেই সকলোৰে প্ৰিয়জনৰ বিয়োগ হয়, তেওঁলোকো কৰ্ম্মদায়াদ—