পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
ভগৱান বুদ্ধ
 

অচৰপ লাতৰ কাৰণে তেওঁ জানি শুনিয়ে মিছা কথা কয়। অথবা তেওঁ অ’ৰ কথা ত’ত লগাই ফুৰে। ইয়াৰ কথা শুনি তাৰ লগত কাঁজিয়া লগোৱাৰ উদ্দেশ্যে সেই কথা তাৰ আগত কৈ দিয়ে। এইদৰে একতাৰে বাস কৰা মানুহৰ মাজত ভেদৰ সৃষ্টি কৰে বা কাঁজিয়া লাগি থকা মানুহৰ মাজত কাঁজিয়া আৰু বঢ়াই দিয়ে। কাঁজিয়া বঢাই তেওঁ আনন্দ পায় আৰু কাঁজিযা বাঢিব পৰা কথাকে তেওঁ কৈ ফুৰে, নহলে হয়তো গালি শপনি দিয়ে। তেওঁ দুষ্টতাপূৰ্ণ, কঠোৰ, কটু, অন্তৰত দুখ দিয়া, খঙাল আৰু সন্তোষ নষ্ট কৰা বাক্য উচ্চাৰণ কৰে; নহলে হয়তো অনাহকতে বলকি ফুৰে। অনুচিত সময়ত কথা কয়, নোহোৱা কথা সাজি কয়, তেওঁ অধাৰ্মিক, শিষ্টাচাৰ-বিৰুদ্ধ, ধ্যান দিব নলগীয়া, প্ৰসঙ্গত শোভা নোপোৱা, মিছাকৈয়ে বহলোৱা আৰু অনৰ্থকাৰী কথা বলকে। এইদৰে বাক্যেৰে চাৰি বিধ অধৰ্ম্মাচৰণ হয়।

 ‘আৰু, হে গৃহস্থী, তিনি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি কি? কোনো কোনো লোকে আনৰ ধন সম্বন্ধে চিন্তা কৰে। মনত হাবিযাস ৰাখে যাতে আনৰ সা-সম্পত্তি পাব পাৰে। অথবা কোনো কোনো মানুহে মনত দ্বেষ পোষণ কৰে। তেওঁ ভাৱে যে এই প্ৰাণীক মৰা যাওক, সি নষ্ট হৈ যাওক। অথবা কোনো কোনোৱে মিথ্যা দৃষ্টি ৰাখে। তেওঁ এনে ধৰণৰ নাস্তিক বিচাৰ পোষণ কৰে যে দান নাই, ধৰ্ম্ম নাই, সুকৃত-দুষ্কৃত কৰ্ম্মৰ ফল নাই, ইহলোক নাই, পৰলোক নাই, ইত্যাদি। এনেদৰে মনৰ দ্বাৰা নানা প্ৰকাৰৰ অধৰ্ম্মাচৰণ হয়।

 ‘হে সজ্জনসকল, কায়াৰে হব পৰা তিনি প্ৰকাৰৰ ধৰ্মাচৰণনো কি কি? যি লোকে প্ৰাণঘাত নকৰে, আনৰ ওপৰত অস্ত্ৰ-শস্ত্ৰ নোতোলে, আনক হত্যা কৰিবলৈ তেওঁৰ লজ্জা হয়, সকলো প্ৰাণীৰে প্ৰতি তেওঁৰ আচৰণ দয়াময় হয়; তেওঁ চুৰি নকৰে, গাওঁ বা অৰণ্যত আনে নিদিয়ালৈকে আনৰ বস্তু গ্ৰহণ নকৰে; তেওঁ ব্যভিচাৰ নকৰে; মাক-বাপেক,