ক্ষত্ৰিয়ই যুদ্ধ, বৈশ্যই বেহা-বেপাৰ আৰু শূদ্ৰই সেৱা কৰিব লাগে। যাৰ এই কৰ্ম্মযোগ ভাল নালাগে তেওঁ অৰণ্যলৈ গৈ তপস্যা কৰি আত্মবোধ লাভ কৰিব পাৰে, নহলে মৃত্যুবৰণ কৰিব পাৰে, কিন্তু তেওঁ এনে কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা সমাজৰ ব্যৱস্থা থানবান হৈ যাব পাৰে। বেলেগ বেলেগ শ্ৰমণ-সংঘই ভিন ভিন দৰ্শনৰ প্ৰতিপাদন কৰিছিল, তথাপি তপস্যা বিষয়ত প্ৰায় আটায়েৰে একমত আছিল। তাৰ ভিতৰত নিৰ্গ্ৰন্থ সকলে কৰ্ম্মক বিশেষ মহত্ত্ব দিছিল। তেওঁলোকৰ নেতাই কৈছিল যে এই জন্ম দুখকাৰক আৰু পূৰ্বজন্মৰ পাপ-কৰ্মেৰে লিপ্ত হোৱা হেতুকে সেই পাপ নষ্ট কৰিবলৈ ঘোৰ তপস্যা কৰা উচিত। কিন্তু বুদ্ধ ভগৱানে তপস্যাৰ নিষেধ কৰিছিল। গতিকে নিৰ্গ্ৰন্থসকলে তেওঁক অক্ৰিয়বাদী (অকৰ্ম্মবাদী) বুলি কৈছিল যদি, সি তেনেই স্বাভাৱিক আছিল। বুদ্ধই অস্ত্ৰ-ত্যাগ কৰিছিল, গতিকে ব্ৰাহ্মণসকলৰ দৃষ্টিত তেওঁ অক্ৰিয়বাদী হৈ পৰিছিল আৰু তপশ্চৰ্য্যা ত্যাগ কৰা হেতুকে তপস্বীসকলৰ দৃষ্টিতো তেওঁ অক্ৰিয়বাদী আছিল।
বৈপ্লৱিক দৰ্শন
ইয়াতে এটা কথা মনত ৰখা উচিত হব যে অকল আত্মবোধৰ দ্বাৰা মোক্ষ প্ৰাপ্তিৰ উদ্দেশ্যে গৌতমে গৃহত্যাগ কৰা নাছিল। তেওঁ নিজৰ প্ৰতিবেশীসকলৰ ওপৰত অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰাটো ভাল নাপালে; আৰু তেওঁৰ মনত সততে এই প্ৰশ্নটো আহিবলৈ ধৰিলে যে অস্ত্ৰ নোহোৱাকৈ, পৰস্পৰৰ মিত্ৰতাৰ ভেটিত জানো কোনো সমাজ গঢ়ি তুলিৰ পৰা নাযায়? তেওঁৰ ধাৰণা হল যে তপস্যাৰ দ্বাৰা আৰু তপস্বী সকলৰ তত্ত্বজ্ঞানৰ দ্বাৰা মানুহ জাতিৰ কাৰণে এনে কোনো সৰল মাৰ্গ পোৱা যাব আৰু সেই কাৰণেই তেওঁ ঘৰবাৰী ত্যাগ কৰি তপস্যা আৰম্ভ