হে সিংহ, মই কায়দুশ্চৰিত, বাগ্দুশ্চৰিত আৰু মনোদুশ্চৰিতৰ অক্ৰিয়াৰ উপদেশ দিওঁ।
‘হে সিংহ, আন এটাও পৰ্য্যায় আছে যাৰ পৰা সত্যবাদী মানুহে কব পাৰে যে শ্ৰমণ গৌতম ক্ৰিয়াবাদী। সেই পৰ্য্যায়নো কি? মই কায়সুচৰিত, বাক্সুচৰিত, আৰু মনঃসুচৰিতৰ ক্ৰিযাৰ উপদেশ দিওঁ।
‘আৰু এটা পৰ্য্যায় আছে যাৰ দ্বাৰা সত্যবাদী মানুহে মোক উচ্ছেদবাদী বুলিব পাৰে। সেই পৰ্যায়নো কি? হে সিংহ, মই লোভ, দ্বেষ, মোহ আদি সকলো পাপকাৰক মনোবৃত্তিৰ উচ্ছেদৰ বাবে উপদেশ দিওঁ।
‘আৰু এটা পৰ্য্যায় এনে যাৰ পৰা সত্যবাদী মানুহে মোক জুগুপ্সী বুলিব পাৰে। এই পৰ্যায়নো কি? মই কাযদুশ্চৰিত, বাগ্দুশ্চৰিত আৰু মনোদুশ্চৰিতক জুগুপ্সা (ঘৃণা) কৰোঁ। পাপকাৰক কামত মই অতিষ্ঠ হৈ পৰোঁ।
‘আৰু এটা এনে পৰ্য্যায়ো আছে যাৰ দ্বাৰা সত্যবাদী মানুহে মোক বিনাশক বুলিব পাৰে। সেইটোনো কি? মই লোভ, দ্বেষ আৰু মোহৰ বিনাশ কৰাৰ বাবে উপদেশ দিওঁ।
‘আৰু সিংহ, এনে আৰু এটা পৰ্য্যায় আছে যাৰপৰা সত্যবাদী মানুহে মোক তপস্বী বুলি কব পাৰে। সেই পৰ্য্যায়নো কি? হে সিংহ, মই কওঁ যে পাপকাৰক অকুশল ধৰ্ম্মক তপতাই দিব লাগে যাতে পাপকাৰক অকুশল ধৰ্ম্ম গলি যায়, নষ্ট হৈ যায়, আকৌ তাৰ উৎপন্ন নহয়, তাকে মই তপস্বী বোলো।[১]
নাস্তিকতাৰ আৰোপ——এই সুত্তত বুদ্ধক প্ৰধানতে অক্ৰিয়বাদী বুলি আৰোপ কৰা হৈছে। স্বয়ং মহাবীৰ স্বামীয়ে এই দোষাৰোপ
- (১)^ চাওক, বুদ্ধলীলাসাৰ-সংগ্ৰহ, পৃষ্ঠা ২৭৯-২৮১।