‘মহাসুঞ্ঞতাসুত্ত’ৰ এই উদ্বৃত্তিৰ পৰা স্পষ্টভাৱে জনা যায় যে এই ন বিভাগত বিভক্ত কৰাৰ আগতে সুত্ত আৰু গেয়্য এই দুই বিভাগতে শেষৰ বিভাগবোৰ সমাৱিষ্ট কৰা হৈছিল।
বুদ্ধ ভগৱানে আনন্দৰ আগত কৈছিল–
“ন খো আনন্দ অৰহতি সাৱকো সৎথাৰং অনুবন্ধিতুং যদিদং সুত্তং গেয়্যং ৱেয়্যাকৰণস্স হেতু। তং কিস্স হেতু। দীঘৰত্তং হি থকা আনন্দ ধম্মা সুতা ধাতা ৱচসা পৰিচিতা......।"
অৰ্থাৎ “হে আনন্দ, সুত্ত আৰু গেয়্যৰ ৱেয়াকৰণৰ (ব্যাখ্যা) কাৰণে শ্ৰাৱকৰ পক্ষে শাস্তাৰ ( গুৰু) লগত ঘুৰি ফুৰাটো উচিত নহয়, কিয়নো তুমি এইবোৰ কথা শুনিছা আৰু তাৰ লগত তুমি পৰিচিতো।”
অৰ্থাৎ সুত্ত আৰু গেয়্যত থকা বুদ্ধোপদেশ আৰু তাৰ বৈয়্যাকৰণ বা ব্যাখ্যাৰ ভাৰ শ্ৰাৱকসকলৰ ওপৰত সপি দিয়া হৈছিল। পিচলৈ ইয়াৰ আৰু ছটা বিভাগ বৃদ্ধি পায় আৰু তাৰে কিছুমান বিভাগ স্থিৰ কৰি লৈ ভালেমান সুত্তৰ ৰচনা কৰা হয়, সেইবোৰ এতিয়াও চলি আছে। গতিকে এইবোৰৰ কোনখিনি বাস্তৱতে বুদ্ধৰ নিজা উপদেশ, আৰু কোনখিনি প্ৰক্ষিপ্ত তাক কোৱাটো কঠিন। তথাপি অশোক ভাবৰা বা ভাবৰূ শিলালিপিৰ পৰা পিটকবোৰৰ প্ৰাচীন কোনখিনি সেই সম্বন্ধে অনুমান কৰিব পৰা যায়।
অশোকৰ ভাব শিলালিপিত এই বুলি কোৱা হৈছে যে তলত দিযা সাতোটা বুদ্ধোপদেশ ভিক্ষু-ভিক্ষুণী, উপাসক আৰু উপাসিকাই বাৰে বাৰে শুনিব লাগে আৰু কণ্ঠস্থ কৰিব লাগে—(১) ৱিনয়সমুকসে, (২) অলিয়ৱসানি, (৩) অনাগতভয়ানি, (৪) মুনিগাথা, (৩) মোনেয়সূতে, (৬) উপতিসপসিনে, (৭) লাঘুলোৱাদে, মুসাৱাদং অধিগিচ্য ভগৱতা বুনে ভাসিতে।
ওলেনব্যৰ্গ আৰু চেনাৰ নামৰ দুগৰাকী পছিমীয়া পণ্ডিতে দেখুৱাই