ভগৱানে জানো এনে কোনো ভিক্ষুক নিযুক্ত কৰিছে যাতে ভগৱানৰ
অভাৱত সংঘই সেই ভিক্ষুজনৰ শৰণ লব পাৰে?'
আনন্দই উত্তৰ দিলে, ‘ডাঙৰীয়া, কৰা নাই।'
ৱস্সকাৰ ব্ৰাহ্মণে সুধিলে, 'তেনেহলে এনে কোনো ভিক্ষু আছেনে
যাক ভগৱানৰ ঠাইত সংঘই বাছি লৈছে?'
আনন্দই কলে, ‘নাই, ডাঙৰীয়া!'
—'তাৰ অৰ্থ হল এই ভিক্ষু-সংঘৰ কোনো নেতা নাই। তেনেহলে
এই সংঘৰ সংগঠন কেনেকৈ থাকে?'—ৱস্সকাৰে সুধিলে।
আনন্দই উত্তৰ দিলে,'আমাৰ কোনো নেতা নাই বুলি ধৰি
লোৱাটো ঠিক নহব। ভগৱানে ৱিনয়ৰ নিয়ম বান্ধি দিছে। একোখন
গাঁৱত আমি যিমান ভিক্ষু থাকোঁহক, আমি আটায়ে মিলি সেই নিয়ম
বোৰৰ পুনৰ আলোচনা কৰোঁহক। কাৰোবাৰ কিবা দোষ হলে, তেওঁ
নিজৰ দোষ স্বীকাৰ কৰে আৰু তাৰ প্ৰায়শ্চিত্ত কৰে।•••কোনো ভিক্ষু
শীল আদি গুণেৰে সম্পন্ন হলে আমি তেওঁৰ সন্মান কৰোঁহক আৰু তেওঁৰ
দিহা পৰামৰ্শ লওঁহক।'[১৯]
ৱস্সকাৰ ব্ৰাহ্মণ অজাতশত্ৰুৰ প্ৰধান মন্ত্ৰী আছিল। বোধহয় তেওঁৰ এয়ে ধাৰণা আছিল যে কোনো সৰ্ব্বাধিকাৰী ব্যক্তি নহলে ৰাজ্যৰ শাসন ব্যৱস্থা ভালদৰে চলাটো অসম্ভৱ। তেওঁৰ বক্তব্য এয়ে আছিল যে বুদ্ধই যদি কোনো লোকক নিজৰ স্থানত নিযুক্ত কৰা নাই তেন্তে অন্ততঃ সংঘই সেই পদৰ বাবে কোনো ভিক্ষুক বাছি লোৱা উচিত। কিন্তু এনে কোনো সৰ্ব্বাধিকাৰী নোহোৱাকৈও বুদ্ধৰ পিচতে সংঘৰ কাম সুচাৰুভাৱে চলি আছিল। তাৰ দ্বাৰা কব লাগিব যে বুদ্ধই কৰি যোৱা সংঘ
সংগঠনৰ পদ্ধতি উপযুক্তই আছিল।
- (১৯)^ মঝ্জিম্নিকায়, গোপক মোগ্গন্নানসুত্ত (সং ১০৮) চাওক।