অৰ্থাৎ, 'যাৰ চিত্ত ভালদৰে সন্তুষ্ট হৈছে আৰু যাৰ জ্ঞান লাভ হৈছে।
তেনে সম্যকৰূপে ধৰ্ম্মজনা ব্যক্তিৰ পক্ষে (নিৰ্ব্বাণ মাৰ্গত) স্ত্ৰীত্ব কিদৰে
বাধক হব পাৰে। মাৰ, এই কথা তাৰে আগত কোৱাগৈ যাৰ মই
তিৰোতা, মই পুৰুষ অথবা মই কোনোবা বুলি অহঙ্কাৰ[১৫] হৈছে।'
মাৰে জানিব পাৰিলে যে সোভা ভিক্ষুণীয়ে তেওঁক চিনি পেলাইছে,
গতিকে তেওঁ তাৰ পৰা দুখেৰে অন্তৰ্ধান হল।
এই তৰ্ক-বাদ কাব্যময়, তথাপি ইয়াৰ পৰা বৌদ্ধ-সংঘত তিৰোতাৰ
মৰ্য্যাদা কি আছিল তাক স্পষ্টভাৱে জানিব পৰা যায়।
নিৰ্ব্বাণ মাৰ্গত শ্ৰাৱকৰ চাৰিটা শ্ৰেণী—নিৰ্ব্বাণ মাৰ্গত শ্ৰাৱক সকলৰ এই চাৰিটা শ্ৰেণী আছিল–সোতাপন্ন, সকদাগামী, অনাগামী আৰু অৰহা। সক্কায় দিট্ঠি (আত্মাক ভিন্ন বস্তু বুলি ধৰি লৈ তাক নিত্য বুলি মনা দৃষ্টি ), ৱিচিকিচ্ছা (বুদ্ধ, ধৰ্ম্ম আৰু সঙ্ঘৰ প্ৰতি শঙ্কা বা অবিশ্বাস), সীলব্বত পৰামাস (স্নানাদি ব্ৰত আৰু উপবাসৰ দ্বাৰা মুক্তি প্ৰাপ্তিৰ বিশ্বাস) এই তিনিটা সংযোজন ( বন্ধন) নাশ কৰিলে শ্ৰাৱক সোতাপন্ন হয় আৰু যেতিয়া তেওঁ এই মাৰ্গত স্থিৰ হয় তেতিয়া তেওঁক সোতাপত্তিফলট্ঠো^ বোলা হয়। ইয়াৰ পিচত কাম-ৰাগ (কাম- বাসনা) আৰু পটিধ (ক্ৰোধ) এই দুটা সংযোজন শিথিল হলে অজ্ঞান কমে। তেতিয়া তেওঁ সকদাগামী হয় আৰু তেওঁৰ এই মাৰ্গত স্থিৰতা প্ৰাপ্তি হলে তেওঁক সকদাগামিফলট্ঠো কোৱা হয়। ইয়াৰ পিচত ৰূপ-ৰাগ (ব্ৰহ্মলোক আদি প্ৰাপ্তিৰ ইচ্ছা), অৰূপ-ৰাগ (অৰূপ দেৱলোক প্ৰাপ্তিৰ ইচ্ছা), মান (অহঙ্কাৰ), উদ্ধচ্চ (ভ্ৰান্তচিত্ততা) আৰু অৱিজ্জা