তেওঁলোকৰ প্ৰতি অলপো গুৰুত্ব আৰোপ কৰা নহৈছিল। অকল
ভিক্ষু, ভিক্ষুণী, উপাসক আৰু উপাসিকাহে বুদ্ধ শ্ৰাৱক-সংঘৰ বিভিন্ন
বিভাগ আছিল।
ভিক্ষু-সংঘৰ কাম যে বৰ ব্যাপক ধৰণৰ আছিল সেই বিষয়ে সন্দেহ
নাই। তথাপি ত্ৰিপিটক সাহিত্যৰ কেইটামান উদাহৰণৰ পৰা জনা
যায় যে ভিক্ষুণী, উপাসক আৰু উপাসিকাসকলেও সংঘৰ উন্নতিত
যথেষ্ট সাহায্য কৰিছিল।
তিৰোতাৰ স্থান—মাৰৰ লগত সোভা ভিক্ষুণীৰ যি বাদ-বিতণ্ডা
হৈছিল, তাক তলত দিয়া হৈছে। তাৰপৰা স্পষ্টভাৱে দেখা যায়
যে বুদ্ধৰ ধৰ্ম্ম-মাৰ্গত তিৰোতাসকলৰ মৰ্য্যাদা পুৰুষৰ সমান আছিল-
দুপৰীয়া সোভা ভিক্ষুণী শ্ৰাৱস্তীৰ ওচৰৰ অন্ধবনত ধ্যানত বহিছিল। তেতিয়া মাৰ তেওঁৰ ওচৰলৈ গৈ কলে :
যন্তং ইসীহি পত্তব্বং ঠানং দুৰভিসম্ভৱং
ন তং দ্বংগুলওপঞ্ঞায় সক্কা পপ্পো তুমিৎথিয়া॥
অৰ্থাৎ যি (নিৰ্ব্বাণ) স্থান ঋষিসকলৰ পক্ষেও অসম্ভৱ, যাৰ প্ৰজ্ঞা
দুটা আঙুলিতে সীমাৱদ্ধ (অৰ্থাৎ চাউল সিজিলে তাক দুটা আঙুলিৰে
পিটিকি চোৱাটোৱে যাৰ একমাত্ৰ বুধিৰ চিনাকি)।
সোভা ভিক্ষুণীয়ে কলে :
ইৎথিভাৱো কিং কমিৰা চিতহ্মি সুসমাহিতে।
ঞাণহ্মি বত্তমানহ্মি সম্মা ধম্মং ৱিপস্সতো।
যস্স নূন সিয়া এৱং ইৎথাহং পুৰিসো তিৱা।
কিঞ্চি ৱা পন অস্মীতি তং মাৰো বত্তুমৰহতি॥[১৪]
- (১৪)^ ভিক্খুণীসংযুত্ত, সুত্ত ২।