যুক্ত সূত্ৰক গেয়্য কোৱা হয় আৰু তাৰ উদাহৰণ স্বৰূপে 'সংযুক্তনিকায়’ৰ প্ৰথম বিভাগৰ কথা উল্লেখ কৰা হৈছে। কিন্তু সকলো গাথাৰ সংগ্ৰহকে ‘গেয়্য’ বুলিব পাৰি, গতিকে ‘গাথা’ নামৰ এটা বেলেগ বিভাগ কিয় দিয়া হল, সেই কথা কোৱাটো টান। বোধ হয় ‘গেয়্য'ত অমুক প্ৰকাৰৰ গাথা থকাটোকে উচিত বুলি বিবেচনা কৰা হৈছিল।
ৱেয়াকৰণৰ অৰ্থ হল ব্যাখ্যা। কোনো সূত্ৰৰ অৰ্থ চমুকৈ বা বহলাই বুজাই দিয়াই হল ‘ৱেয়্যাকৰণ’[১]।
বুদ্ধঘোষাচাৰ্য্যৰ মতে গাথা বিভাগত ‘ধম্মপদ’, ‘থেৰগাথা' আৰু ‘থেৰীগাথা'—এই তিনিওখন সন্নিৱিষ্ট কৰা হয়, কিন্তু বুদ্ধৰ পৰিনিৰ্বাণৰ তিনি চাৰি শতিকাৰ পিচলৈকে থেৰ আৰু থেৰীগাথাৰ ৰচনা হোৱা নাছিল বুলিয়ে অনুমান হয় আৰু ‘ধম্মপদ’তো নিচেই সৰু গ্ৰন্থ। গতিকে গাথা-বিভাগত অকল এইখন পুথিয়ে আছিল নে লগতে আন কিবা পুথিও আছিল তাক কোৱাটো টান কথা।
ওপৰত উল্লেখ কৰা ‘খুদ্দক নিকায়’ উদানৰ কথাও উনুকিওৱা হৈছে। সেই উদান আৰু সুত্তপিটক বা আন আন পুথিত থকা তেনে ধৰণৰ বচন বোৰক উদান বোলা হয় বুলি বুদ্ধঘোষাচাৰ্য্যই উল্লেখ কৰিছে। কিন্তু অশোকৰ সময়ত তেনে ধৰণৰ কিমান উদান প্ৰচলিত আছিল তাক অনুমান কৰাটো অসম্ভৱ। কিন্তু পিচত যে ইয়াৰ সংখ্যা বাঢ়ি গৈছিল তাক হলে নিঃসন্দেহে কব পৰা যায়।
ইতিবৃত্তক-প্ৰকৰণত ১১২টা ইতিবৃত্তক পাবলৈ আছে। তাৰে কিছুমান ইতিবৃত্তক অশোকৰ সময়ত অথবা তাৰে দুই এক শতিকাৰ পিচলৈকে চলি আহিছিল। তাৰ পিচত বোধ হয় ইয়াৰো সংখ্যা বাঢ়ি যায়।
জাতক নামৰ কথাবোৰ সুপ্ৰসিদ্ধ। তাৰ কিছুমান কথাৰ দৃশ্যাৱলী
- (১)^ সংস্কৃত ব্যাকৰণৰ লগত এই শব্দৰ কোনো সম্বন্ধ নাই।
(খ)