শিক্ষাৰ কাৰণে ভগৱানে সাৰিপুত্তক পঠাই দিছিল। তাৰে এক কি
দুবছৰৰ পিচত ৰাহুলৰ উপযুক্ত বয়স হোৱাত ভগৱানে তেওঁক উপদেশ
দিছিল চাগৈ, কিযনো এই সুত্তত উল্লেখ কৰা কথাবোৰ এনে নহয় যাক
কম বয়সৰ লৰাই বুজিব পাৰে আৰু যদিহে ৰাহুল শ্ৰামণেৰ হৈছিল
তেন্তে ‘তুমি ঘৰৰ পৰা বাহিৰ হৈ দুখৰ অন্ত পেলাওঁতা হৈ পৰা' বুলি
তেওঁক উপদেশ দিয়াৰ আৱশ্যকতা নাছিল।
ব্ৰাহ্মণ-যুৱক সকলে গুৰুগৃহলৈ গৈ ব্ৰহ্মচৰ্য্য পালন কৰি বেদৰ
অধ্যয়ন কৰিছিল আৰু তাৰ পিচত নিজৰ অভিৰুচিমতে গৃহস্থাশ্ৰম বা
তপশ্চৰ্য্যা স্বীকাৰ কৰি লৈছিল। ৰাহুলৰ ক্ষেত্ৰতো চাগৈ সেয়ে
হৈছিল। তেওঁ যাতে সৰ্ব্বসাধাৰণ জ্ঞান পাব পাৰে, সেই উদ্দেশ্যে
ভগৱানে তেওঁক সাৰিপুত্তৰ অধীনত ৰাখিছিল আৰু সাৰিপুত্তৰ অধীনত
থকা হেতুকে তেওঁ ব্ৰহ্মচৰ্য্য পালন কৰাটো আৱশ্যক হৈ পৰিছিল।
বয়স হোৱাত যাতে তেওঁ আৰু গৃহস্থাশ্ৰমত প্ৰৱেশ নকৰে, সেই
উদ্দেশ্যেই ভগৱানে তেওঁক এই উপদেশ দিছিল। ৰাহুলৰ এই কাহিনীৰ
আধাৰত মহাৱগ্গকাৰে শ্ৰামণেৰৰ বিস্তৃত কাহিনীৰ ৰচনা কৰিছে।
আন আন শ্ৰামণেৰ-ভগৱান বুদ্ধৰ জীৱন-কালত কম বয়সত সংঘত প্ৰৱেশ কৰা শ্ৰামণেৰৰ সংখ্যা তেনেই অলপীয়া আছিল। কিন্তু আন কোনো সম্প্ৰদায়ৰ পৰা সংঘলৈ নতুন কোনো পৰিব্ৰাজক আহিলে তেওঁ চাৰি মাহলৈকে শিক্ষানবিছ হৈ থাকিব লাগিছিল। এনে ধৰণৰ শ্ৰামণেৰৰ সংখ্যাই অধিক আছিল বুলি অনুমান হয়। 'দীৰ্ঘনিকায়’ৰ মহাসীহনাদসুত্তৰ অন্তত দিয়া হৈছে যে যেতিয়া কাশ্যপ পৰিব্ৰাজকে সংঘত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল তেতিয়া ভগৱানে তেওঁৰ আগত কৈছিল, ‘হে কাশ্যপ, এই সম্প্ৰদায়ত কোনোৱে প্ৰব্ৰজ্যা গ্ৰহণ কৰি সংঘত প্ৰৱেশ কৰিবলৈ বিচাৰিলে তেওঁ চাৰি মাহলৈকে শিক্ষা-নবিছী