পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৬৯
 

অনুসৰিয়ে বুদ্ধৰ ভিক্ষুণী-সংঘও স্থাপন কৰা হৈছিল। গণসত্তাত্মক ৰাজ্যত আৰু একসত্তাত্মক শাসন-প্ৰণালীমূলক দেশতো তিৰোতাসকলক বৰ সম্মান কৰা হৈছিল। গতিকে ভিক্ষুণী-সংঘৰ ৰক্ষাৰ বাবে কিছুমান অদ্ভুত নিয়ম ৰচনা কৰাৰ আৱশ্যকতা নাছিল। অশোকৰ সময়ৰ পিচত এই পৰিস্থিতিৰ সলনি হৈ যায়। এই দেশৰ ওপৰত যৱন আৰু শকহঁতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে, ফলত তিৰোতাৰ মৰ্য্যাদা ক্ৰমে কমি যায় আৰু সমাজত তিৰোতাৰ সন্মান নোহোৱা হৈ পৰে। সেই সময়ত যদি ভিক্ষুণীসকলৰ কাৰণে এই ধৰণৰ নিয়ম ৰচনা কৰা হয়, তেতে তাত আচৰিত হবলগীয়া কোনো কথা নাই।

ৰাহুল শ্ৰামণেৰ

 ভিক্ষু-সংঘ আৰু ভিক্ষুণী-সংঘ স্থাপিত হোৱাৰ পিচত তাত শ্ৰামণেৰ আৰু শ্ৰামণেৰীকো অন্তৰ্ভুক্ত কৰি লবলগীয়া হল। প্ৰথমতে বুদ্ধ- ভগৱানে ৰাহুলক শ্ৰামণেৰ কৰাৰ বিৱৰণ 'মহাৱগ্‌গ'ত আছে, সি হল এই :

 ভগৱান কিছুদিন ৰাজগৃহত থাকি কপিলৱস্তুলৈ গৈছিল। তাত তেওঁ নিগ্ৰোধাৰামত অৱস্থান কৰিছিল। এদিনাখন তেওঁ শুদ্ধোদনৰ ঘৰৰ ওচৰত ভিক্ষাটন কৰি থাকোঁতে ৰাহুল-মাতাই তেওঁক দেখা পালে। তেওঁ ৰাহুলক কলে, 'বাচা, তেঁৱেই তোমাৰ দেউতাৰা। তেওঁৰ ওচৰলৈ গৈ তুমি তোমাৰ দায়ভাগ খুজি লোৱা।' মাকৰ কথা শুনি ৰাহুল ভগৱানৰ ওচৰলৈ গৈ থিয় হল আৰু কলে, 'হে শ্ৰমণ, আপনাৰ ছায়া সুখকাৰক।' ভগৱান তাৰপৰা গুচি গল। তেওঁৰ পিচে পিচে গৈ ৰাহুলে নিজৰ দায়ভাগ খুজিবলৈ ধৰিলে। বিহাৰলৈ গৈ নিজৰ দায়াদ্য ৰাহুলক দিয়াৰ উদ্দেশ্যেৰে সাৰিপুত্তৰ হতুৱাই তেওঁক শ্ৰামণেৰ কৰালে। এই কথা শুদ্ধোদনে ভাল নাপালে। তেওঁ ভগৱানক বুজাই