পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৬৭
 

দুবছৰলৈকে অধ্যয়ন কৰিছে তেওঁ দুয়োটা সংঘকে উপসম্পদা দিব লাগে। (৭) কোনো কাৰণতে ভিক্ষুণীয়ে ভিক্ষুক গালি-গালাজ নিদিব আৰু ভিক্ষুয়ে ভিক্ষুণীক উপদেশ দিব।'

 আনন্দই মহাপ্ৰজাপতি গৌতমীক এই আঠোটা নিয়মৰ কথা কলে আৰু তেওঁৰ এই নিয়ম কেইটা ভাল লাগিব। 'অঙ্গুত্তৰনিকায়’ৰ অটুঠকনিপাতত এইখিনিলৈকে বৰ্ণনা পোৱা যায় আৰু তাৰ পিচত ভগৱানে আনন্দৰ আগত কয়, “হে আনন্দ, যদিহে এই ধৰ্ম্মৱিনয়ত তিৰোতাসকলে প্ৰব্ৰজ্যা নাপালেহেঁতেন তেন্তে এই ধৰ্ম্ম (ব্ৰহ্মচৰ্য্য) এহেজাৰ বছৰলৈকে তিস্থি থাকিলহেঁতেন। কিন্তু এতিয়া তিৰোতা- সকলকো সন্ন্যাসৰ অধিকাৰ দিয়া হল, গতিকে এই সদ্ধৰ্ম পাঁচ শ বছৰলৈহে তিস্থি থাকিব।

 এইদৰে বিনয় আৰু ‘অঙ্গুত্তৰনিকায়’ৰ মাজত বৰ্ণনাৰ মিল দেখা যায়। তথাপি কব লাগিব যে পিচতহে এই আঠ গুৰুধৰ্ম্ম ৰচনা কৰা হৈছে, কিয়নো ৱিনয়ৰ নিয়ম বান্ধি দিয়াৰ বাবে ভগৱান বুদ্ধৰ যি পদ্ধতি আছিল তাৰ লগত এই নিয়ম বোৰৰ স্পষ্ট বিৰোধ দেখা যায়।

 বুদ্ধ ভগৱান ৱেৰঞ্জা গাৱঁৰ ওচৰত আছিল। সেই সময়ত ৱেৰঞ্জা গাৱঁৰ ওচৰে কাষৰে আকাল দেখা দিয়াত ভিক্ষুসকলৰ বৰ কষ্ট হবলৈ ধৰিলে। তেতিয়া সাৰিপুত্তই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে যাতে তেওঁ ভিক্ষুসকলৰ কাৰণে আচাৰ-বিচাৰৰ নিয়ম বান্ধি দিয়ে। ভগৱানে কলে, 'সাৰিপুত্ত, তুমি ধৈৰ্য্য ধৰা। নিয়ম বান্ধি দিয়াৰ সময় কি তাক তথাগতইহে জানে। যেতিয়ালৈকে সংঘত পাপাচাৰ প্ৰৱেশ নকৰে, তেতিয়ালৈকে তাৰ নিবাৰণৰ বাবে তথাগতই নিয়ম বান্ধি নিদিয়ে।'১২

 বুদ্ধৰ এই বচন অনুসৰিয়ে আটাইবোৰ নিয়ম ধাৰ্য্য কৰা হৈছিল। প্ৰথমতে কোনো ভিক্ষুৱে কোনো অপৰাধ বা ভুল কৰে। যেতিয়া এই


 (১২) 'বৌদ্ধ-সংঘাচা পৰিচয়',পৃষ্ঠা ৫২ ৫৩ চাওক।