কৈ আনন্দই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে তিৰোতাসকলকো প্ৰব্ৰজ্যা লবলৈ অনুমতি দিয়া হয়। ভগৱান সেই কথাত অমান্তি হয়। তেতিয়া আনন্দই কয়, 'তদন্ত, তথাগতই দেখুৱাই দিয়া ধৰ্ম্ম-সম্প্ৰদায়ত জানো কোনো তিৰোতা ভিক্ষুণী হৈ স্ৰোত-আপত্তি ফল, সকৃদাগামি ফল, অনাগামি ফল আৰু অৰ্হৎ ফল৯ লাভ কৰাটো সম্ভৱপৰ নহয়?’ ভগৱানে কলে, ‘সম্ভৱপৰ। তেতিয়া আনন্দই কলে, 'যদিহে তেনেকুৱাই তেন্তে যি মাহীয়ে ভগৱানক মাতৃৰ অবিহনে স্তন পান কৰোৱাই ডাঙৰ দীঘল কৰিছিল, তেওঁৰ প্ৰাৰ্থনা অনুসৰি ভগৱানে তিৰোতাসকলক প্ৰব্ৰজ্যা দিয়ক।'
ভগৱানে কলে, 'যদিহে মহাপ্ৰজাপতি গৌতমীয়ে আঠোটা উত্তৰ দায়িত্বপুৰ্ণ নিয়ম (অটুঠ গুৰু ধৰ্ম্মা) স্বীকাৰ কৰি লয়, তেন্তে মই তিৰোতাসকলকো প্ৰব্ৰজ্যা গ্ৰহণত অনুমতি দিব পাৰোঁ।—(১) ভিক্ষুণী লাগিলে সংঘত যিমান দিনেই নাথাকক তেওঁ সৰুবৰ সকলো ভিক্ষুকে প্ৰণাম কৰিব লাগিব। যি গাৱঁত ভিক্ষু নাথাকে, সেই গাঁৱতভিক্ষুণীও থাকিব নোৱাৰে। (৩) প্ৰতি পষেকতে উপবাস কোন দিনা কৰিব লাগে আৰু ধৰ্ম্মোপদেশ শুনিবলৈ কেতিয়া আহিব লাগে—এই দুটা কথা ভিক্ষুণীসকলে ভিক্ষু-সংঘক সুধি লব লাগে। (৪) চাতুৰ্মাস্যৰ পিচত ভিক্ষুণীয়ে ভিক্ষু-সংঘ আৰু ভিক্ষুণী-সংঘৰ আগতে প্ৰৱাৰণা১০ কৰিব লাগে। (৫) যি ভিক্ষুণী সম্বন্ধে সংঘাদিশেষ আপত্তি উঠে তেওঁ দুয়োটা সংঘৰ পৰা পোন্ধৰ দিনৰ মানত্ত১১ লব লাগে। (৬) যি শ্ৰামণেৰীয়ে
(৯) এই চাৰিবিধ ফলৰ ব্যাখ্যা এই অধ্যায়ৰ পিচত দিয়া হৈছে।
(১০) নিজৰ দোষ কবলৈ আটাইৰে ওচৰত প্ৰাৰ্থনা কৰা। চাওক, “বৌদ্ধ সংঘাচা পৰিচয়’, পৃষ্ঠা ২৪-২৬।
(১১) সংঘৰ সন্তোষৰ বাৰে বিহাৰৰ বাহিৰত নিশা কটোৱা। চাওক, ‘বৌদ্ধ সংঘাচা পৰিচয়', পৃষ্ঠা ৪৭।