পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[  ]

ইয়াক সমস্তপাসাদিকা নামৰ ৱিনয়-অট্‌ঠকথাৰ নিদান কথাতে পোৱা যায়। কিন্তু ত্ৰিপিটক-গ্ৰন্থত হলে তাৰ মূল ক’তো পোৱা নাযায়। বুদ্ধ ভগৱানৰ পৰিনিৰ্ৰব্বাণৰ পিচত ৰাজগৃহত ভিক্ষুসংঘৰ প্ৰথম সভা হব পাৰে, কিন্তু তাতেই বৰ্তমান পিটকৰ বিভাগ বা পিটক নাম থোৱা যেন অনুমান নহয়। অশোকৰ সময়লৈকে বুদ্ধৰ উপদেশ ধৰ্ম্ম আৰু বিনয় এই দুটা বিভাগতহে ভাগ কৰাৰ নিয়ম চলি আছিল। সেই ধৰ্ম্মৰ নটা অঙ্গ থকা বুলি বৰ্ণনা কৰা হৈছিল। যেনে—সুত্ত, গেয়্য, বেয়্যাকৰণ, গাথা, উদান, ইতিবৃত্তক, জাতক, অদ্ভুত ধম্ম আৰু ৱেদল্ল। এই অঙ্গবোৰৰ উল্লেখ ‘মজ্‌ঝিম নিকায়’ৰ অলগদ্‌দূপম সুত্তত আৰু অঙ্গুত্তৰ নিকায়ৰ সাত ঠাইত পোৱা যায়।

 সুত্ত পালি শব্দ। সংস্কৃতৰ সূক্ত বা সূত্ৰ শব্দৰ পৰা এই শব্দ ওলোৱাটো সম্ভৱ যেন লাগে। কোনো কোনোৰ মতে ৱেদৰ যি সূক্ত, তেনেকৈয়ে পালি-সূক্তও নিষ্পন্ন হৈছে। কিন্তু মহাযান-সম্প্ৰদায়ৰ গ্ৰন্থত ইয়াক সূত্ৰ কোৱা হৈছে, আৰু এই অৰ্থই ঠিক হব। যিদৰে পাণিনি বা আন প্ৰকাৰৰ সূত্ৰৰ উদ্ভাৱন কৰা হৈছে, আজিকালি সূত্ৰ শব্দক সেই অৰ্থেৰেহে ব্যৱহাৰ কৰা হয়। কিন্তু ‘আশ্বলায়ন গৃহসূত্ৰ আদি সূত্ৰ এই সংক্ষিপ্ত সূত্ৰতকৈ কিছুদূৰ বিস্তৃত ধৰণৰ আৰু এই অৰ্থতে আৰম্ভনিৰে পৰা পালি ভাষাৰ সূত্ৰবোৰ ৰচিত হোৱা যেন লাগে। এই সুত্ৰবোৰৰ আৰ্হিতে আশ্বলায়ন আদিয়ে নিজৰ সূত্ৰবোৰৰ ৰচনা কৰিছিল নে সেইবোৰৰ আধাৰতে বুদ্ধই নিজৰ সূত্ৰবোৰ যুগুত কৰিছিল সেই সম্বন্ধে ইয়াত আলোচনা কৰাৰ আৱশ্যক নাই, কিন্তু এইটো হলে স্পষ্ট কথা যে অশোকৰ সময়ৰ আগৰে পৰা বুদ্ধৰ উপদেশমূলক বচন বোৰক 'সুত্ত' কোৱা হৈছিল আৰু সেইবোৰ বৰ দীঘলীয়া বিধৰ নাছিল।

 ‘অলগদ্দসুত্ত'ৰ অট্‌ঠ কথাত এই বুলি উল্লেখ কৰা হৈছে যে গাথা-