সৎকাৰ নকৰিবলৈ আৰু ভিক্ষা নিদিবলৈ স্থিৰ কৰিলে। তাৰ ফলত
সেই ভিক্ষু সকলৰ মূৰ ঠিক হল আৰু তেওঁলোক শ্ৰাৱস্তীলৈ গল।
তেতিয়া ভগৱানে কাঁজিয়া নিষ্পত্তি কৰাৰ কিছুমান নিয়ম বান্ধি দিলে
আৰু উপাল আদি ভিক্ষুৰ হতুৱাই সেই কঁজিয়াৰ মীমাংসা কৰালে।৮
‘মঝজিমনিকায়’ৰ উপক্কিলেস সুত্তত (সং. ১২৮) মহাৱগ্ গৰ ভালেমান কথা সামৰি লোৱা হৈছে, কিন্তু তাত দীৰ্ঘায়ুৰ কাহিনী দিয়া হোৱা নাই আৰু এই কাহিনী প্ৰাচীন ৱংসদাৱ বনতে শেষ হৈছে। ভগৱান বুদ্ধ পাৰিলেয্যক বনলৈ যোৱাৰ কথা এই সুত্তত নাই, ‘উদান- ৱগ্ গত’হে ইয়াক পোৱা যায়।
‘কোসম্বিয় সুত্ত’ত হলে ইয়াতকৈ বেলেগ কথা পোৱা যায়। ইয়াৰ সাৰাংশ হল এই-
ভগৱান বুদ্ধ কৌশাম্বীৰ ঘোষিতাৰামত আছিল। সেই সময়ত কৌশাম্বীৰ ভিক্ষুসকলে নিজৰ ভিতৰতে হাই-কাঁজিয়া কৰিছিল। ভগৱানে সেই কথা জানিব পাৰি ভিক্ষুসকলক নিজৰ ওচৰলৈ মতাই নিয়ালে আৰু কলে, ‘হে ভিক্ষুসকল, যেতিয়া আপোনালোকে নিজৰ ভিতৰতে কাঁজিয়া কৰে তেতিয়া জানো আপোনালোকৰ পাৰস্পৰিক কায়িক, বাচিক আৰু মানসিক কৰ্ম্ম মৈত্ৰীপূৰ্ণ হোৱাটো সম্ভৱ?’
‘সম্ভৱ নহয়।’ ভিক্ষুসকলে উত্তৰ দিলে।
তেতিয়া ভগৱানে কলে, ‘যদি সেয়ে হয়, তেন্তে আপোনালোকে কিয় কাঁজিয়া কৰে, নিৰৰ্থক মানুহসকল, এই ধৰণৰ কাঁজিয়া আপোনা- লোকৰ কাৰণে সদায় হানিকাৰক আৰু দুঃখকাৰক হব।’
তাৰ পিচত ভগৱানে কলে, ‘ভিক্ষুসকল, এই ছটা ভালদৰে মনত ৰাখিব লগীয়া কথা হাই-কাঁজিয়াৰ নিষ্পত্তি কৰি সংগঠন আৰু একতাৰ
কাৰণ হয়। সেই কেইটানো কি? (১) মৈত্ৰীময় কায়িক কৰ্ম্ম, (২)
(৮) চাওক, বৌদ্ধ সংঘাচা পৰিচয়’, পৃষ্ঠা ৩৭-৪৩।