পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৫৯
 


চেঁচা, জহ, মহ, মাখী, বতাহ, ৰদ আৰু সাপ আদিৰ পৰা কষ্ট পোৱা নাযায় আৰু গুহ্য় ইন্দ্ৰিয়বোৰ আচ্ছাদন কৰিব পৰা যায়।’

 পিত্তপাত সেৱন কৰাৰ সময়ত তেওঁ এই বুলি কব লাগিছিল, ‘মই ভালদৰে ভাবি-চিন্তি এই পিত্তপাত সেৱন কৰিছোঁ। ইয়াৰ উদ্দেশ্য এয়ে নহয় যাতে এই শৰীৰ খেল-ধেমালি কৰিবলৈ সমৰ্থ হৈ যায়, মতলীয়া হৈ পৰে, মণ্ডিত আৰু বিভূষিত হৈ পৰে, বৰং ইয়াৰ উদ্দেশ্য হল এয়ে যাতে ইয়াৰ ফলত এই শৰীৰ ৰক্ষা পৰে, কষ্ট দূৰ হয় আৰু ব্ৰহ্মচৰ্য্যত সাহায্য হয়। এইদৰে মই (ভোকৰ) পুৰণি বেদনা নষ্ট কৰি দিম আৰু (অধিক খাই) নতুন বেদনাৰ সৃষ্টি নকৰোঁ। ইয়াৰ দ্বাৰা মোৰ শৰীৰ যাত্ৰা চলিব, লোকাপবাদ নাথাকিব আৰু জীৱন সুখকাৰী হব!’

 শয়নাসনৰ প্ৰয়োগৰ সময়ত তেওঁ কব লাগিছিল, ‘মই ভালদৰে ভাবি চিন্তি চাই এই শয়নাসনৰ প্ৰয়োগ কৰিছোঁ, ইয়াৰ উদ্দেশ্যে মাথোন এয়ে যাতে চেঁচা, জহ, মহ, মাখী, বতাহ, ৰদ আৰু সাপ আদিৰ পৰা কষ্ট পোৱা নাযায় আৰু একান্ত বাসত জিৰণি পাব পৰা যায়।’

 ঔষধপত্ৰ ব্যৱহাৰ কৰাৰ সময়ত তেওঁ এই বুলি কব লাগিছিল, ‘মই ভালদৰে ভাবি-চিন্তি চাই এই ঔষধ-পত্ৰৰ ব্যৱহাৰ কৰিছোঁ। উৎপন্ন হোৱা ৰোগৰ নাশৰ বাবেহে ইয়াক ব্যৱহাৰ কৰা হব আৰু আৰোগ্য (স্বাস্থ্য) লাভ নকৰালৈহে ইয়াৰ ব্যৱহাৰ চলিব।’

 দেৱদত্তৰ দ্বাৰা অনুষ্ঠিত সংঘ-ভেদ-সংঘৰ সৰলতা আৰু মৈত্ৰীভাৱ যাতে অটুট থাকে সেই উদ্দেশ্যে ভগৱান বুদ্ধই বৰ সতৰ্কতা

অৱলম্বন কৰিছিল। কিন্তু মানুহৰ চৰিত্ৰই এনে বিচিত্ৰ ধৰণৰ যে


 ^ (৪) এইদৰে শৰীৰৰ উপযোগী চাৰিবিধ পদাৰ্থ সাৱধানেৰে প্ৰয়োগ কৰাৰ বিধিক ‘পচ্চ ৱেশন’ (প্ৰতাৱেক্ষণ) বোলা হৈছিল আৰু এই প্ৰথাৰ এতিয়াও চলতি আছে।