পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
ভগৱান বুদ্ধ
 


আয়তন বৰ বেচি কৰি লৈছিল। ইয়াক বন্ধ কৰিবলৈ ভালেমান নিয়মৰ ৰচনা কৰিবলগীয়া হয়। এনে ধৰণৰ নিয়মৰ সংখ্যা যথেষ্ট অধিক হব।

 ‘বিনয়পিটক’ত ভিক্ষু-সংঘৰ বাবে মুঠতে ২২৭ টা নিষেধাত্মক নিয়ম দিয়া হৈছে। তাক ‘পাতিমাক্খ’ কোৱা হয়। তাৰে দুটাত অনিয়ত (অনিয়মিত) আৰু শেষৰ ৭৫টাত সেখিয় অথবা খােৱা-বােৱা, থকা- মেলা আৰু কথা-বতৰা আদিত সভ্যতাৰ নিয়ম দিয়া হৈছে। ইয়াক বাদ দি বাকী ১৫০টা নিযমকো অশােকৰ সময়ত ‘পাতিমােক্খ’ই বােলা হৈছিল বুলি অনুমান হয়। তাৰ আগতে এই আটাইবােৰ নিয়মৰ ৰচনা কৰা হােৱা নাছিল, আৰু যি নিয়ম বান্ধি লােৱা হৈছিল, তাৰ ভিতৰত মূল মূল নিয়মৰ বাহিৰে বাকীবােৰৰ উপযুক্ত সংশােধন কৰি লবলৈ সংঘৰ সম্পূর্ণ অধিকাৰ আছিল। পৰিনিৰ্ব্বাণৰ আগতে ভগৱান বুদ্ধই আনন্দৰ আগত কৈছিল, ‘হে আনন্দ, সংঘই ইচ্ছা কৰিলে মােৰ মৃত্যুৰ পিচত সাধাৰণ নিয়মবােৰ এৰি দিব পাৰে।’

 ইয়াৰপৰা দেখা যায় যে সৰুসুৰা বা সামান্য নিয়মবোৰ পৰিহাৰ কৰিবলৈ বা দেশ-কাল-পাত্র ভেদে সাধাৰণ নিয়মবােৰৰ সংশােধন কৰিবলৈ ভগৱানে সংঘক সম্পূর্ণ অনুমতি দিছিল।

 শৰীৰৰ উপযােগী পদাৰ্থৰ প্ৰয়ােগত সতর্কতা—ভিক্ষুৰ বাবে আৱশ্যকীয় বস্তুৰ ভিতৰত চীৱৰ, পিণ্ডপাত (অন্ন ), শয়নাসন (থকা ঠাই) আৰু ঔষধ—এই চাৰিটাই প্রধান। ভগৱানৰ মতে ‘পাতিমােক্খ’ৰ নিয়ম অনুসৰি এইবােৰ বস্তুৰ উপভােগ কৰাৰ সময়ত ভাৱি চিন্তি আচৰণ কৰা উচিত।

 চীৱৰ ব্যৱহাৰ কৰাৰ সময়ত ভিক্ষুৱে কব লাগিছিল, ‘মই ভালদৰে ভাবি-চিন্তি এই চীৱৰ পিন্ধিছোঁ। ইয়াৰ উদ্দেশ্য মাথোন এয়ে যাতে