গৈ কিদৰে প্ৰচাৰ-কাৰ্য্য চলাব? ‘সামঞ্ঞফলসুত্ত’ত ভগৱান বুদ্ধই
অজাতশত্ৰু ৰজাৰ আগত কয়-
‘সেয্যথাপি মহাৰাজ পক্খী সকুডো যেন যেনেব ডেতি সপত্তভাৰোৰ ডেতি। এৱমেৱ মহাৰাজ ভিক্খু সংতুটঠো হোতি, কায়পৰিহাৰিকেন চীৱৰেন, কুচ্ছি পৰিহাৰিকেন পিণ্ডপাতেন। সো যেন যেনেৱ পক্কমতি সমাদায়েৱ পক্কমতি’
অৰ্থাৎ ‘হে মহাৰাজ, যিদৰে কোনো চৰাই কোনো পিনলৈ উৰি গলে সেই সেই পিনলৈ লগত নিজৰ দেউকা লৈ উৰি যায়, তেনেদৰে মহাৰাজ, ভিক্ষুৱে শৰীৰৰ আৱশ্যকীয় চীৱৰ আৰু পেটৰ আৱশ্যকীয় অন্নৰে (ভিক্ষাৰে) সন্তুষ্ট থাকে। তেওঁ যি যি ঠাইলৈ যায় সেই সেই ঠাইলৈ নিজৰ আৱশ্যকীয় সামগ্ৰী লগত লৈয়েই যায়।’
এনে ধৰণৰ ভিক্ষুৰ লগত বৰ বেচি-তলত দিয়া গাথাত উল্লিখিত বস্তু থাকিছিল।
তিচীৱৰং চ পত্তো ৱাসি সূচি চ বন্ধনং।
পৰিস্সাৱনেন অট্ঠেতে যুত্তয়োগস্স ভিক্খুনো।।
অৰ্থাৎ ‘তিনিখন চীৱৰ, পাত্ৰ, বাসি (সৰু কুঠাৰ ), বেজী, ককালৰ টঙালি আৰু পানী চেকা কাপোৰ—এই আঠ বিধ বস্তু যোগী ভিক্ষু বাবে যথেষ্ট।’
আচাৰৰ নিয়ম—বুদ্ধ ভগৱানৰ এই উপদেশ আছিল যে ভিক্ষু সকলে অতিশয় সৰল ভাৱে থাকিব, তথাপি মানুহৰ স্বভাৱগত জোৰ অনুসৰি কিছুমান ভিক্ষুই এই সামগ্ৰী বোৰ স্বীকাৰৰ নিয়মো লঙ্ঘন কৰিছিল, অৰ্থাৎ তিনিখন চীৱৰত কৈ অধিক কাপোৰ লৈছিল, মাটি অথবা লোৰ পাত্ৰৰ সলনি তাম বা পিতলৰ পাৰ লগত ৰাখিছিল আৰু চীৱৰৰ