পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
ভগৱান বুদ্ধ
 

চলি থকা দ্বন্দ্ব-খৰিয়াল লোপ নাপাব। গতিকে ৰাজ-সত্ত্বাৰ পৰা নিবৃত্ত হৈ মনুষ্য জাতিৰ মুক্তিৰ পথ বিচাৰি উলিয়াবলৈ বোধিসত্ত্ব প্ৰবৃত্ত হ’ল। সাত বছৰ তপস্যা কৰাৰ ফলত নানা প্ৰকাৰৰ অভিজ্ঞতা অৰ্জ্জন কৰাৰ পিচত তেওঁ ইয়াৰ আগৰ অধ্যায়ত বৰ্ণনা কৰা মধ্যম মাৰ্গৰ আৱিষ্কাৰ কৰিলে, আৰু আটায়েৰে মাজত ইয়াক প্ৰচাৰ কৰিবলৈ স্থিৰ কৰিলে। এই কামৰ বাবেই বুদ্ধ ভগৱানে সংঘৰ স্থাপন কৰিলে। গতিকে আন আন সংঘৰ শ্ৰমণতকৈ বৌদ্ধ শ্ৰমণ সকলে যে সাধাৰণ ৰাইজৰ হিত সুখৰ বাবে অধিক চিন্তা কৰিছিল, তাত আচৰিত হবলগীয়া কোনো কথা নাই।
 আধ্যাত্মিক খেতিৰ আৱশ্যকতা—সমাজত খেতি, বেহা বেপাৰ আদি ব্যৱসায় চলে, কিন্তু ৰাইজৰ মাজত সংগঠন নাথাকিলে এই ব্যৱসায়বোৰৰ পৰা লাভ নহয়। এজনে কৰা খেতি আন কোনোবাই কাটি লৈ যাব আৰু বেপাৰীকে হয়তো কোনো চোৰে লুটি পুটি সকলো বয়-বস্তু লৈ যাব। এইদৰে যদি সমাজত বিশৃঙ্খলতাৰ সৃষ্টি হয় তেন্তে তেনে সমাজৰ ৰাইজৰ বৰ কষ্ট হয়। ইয়াৰ বাবে অস্ত্ৰবলেৰে একতাৰ সৃষ্টি কৰিব পৰা যায়, কিন্তু তেনে একতাৰ বান্ধন সৰহ দিন তিস্থিব নোৱাৰে। পৰম্পৰৰ মাজত সৌজন্য আৰু ত্যাগৰ দ্বাৰা উৎপন্ন হোৱা একতাকহে প্ৰকৃত একতা বুলি কব পৰা যায়। 'সুত্তনিপাত’ৰ কাসি- ভাৰদ্বাজসুত্তৰ পৰা প্ৰমাণ পোৱা যায় যে সাধাৰণ ৰাইজৰ মাজত এনে ধৰণৰ একতাৰ সৃষ্টি কৰাই আছিল বুদ্ধৰ অভিপ্ৰায়। ইয়াৰ সাৰাংশ হল এই:
 এদিনাখন বুদ্ধ ভগৱান ভিক্ষা খুজি খুজি ভৰদ্বাজ ব্ৰাহ্মণৰ খেতি- পথাৰত উপস্থিত হল। সেই সময়ত ভৰদ্বাজ ব্ৰাহ্মণে নিজৰ বনুৱা- সকলক খাবলৈ দি আহিল। ভগৱানক ভিক্ষাৰ কাৰণে থিয় হৈ