পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
ভগৱান বুদ্ধ
 

এইদৰে নিজৰ সম্প্ৰদায়ৰ মহত্ত্ব বঢ়োৱাৰ উদ্দেশ্যে সেই সময়ত আগৰ ভিক্ষুৰ সংখ্যা বঢ়োৱাটো আৰম্ভ হয় আৰু মহাযান-পন্থৰ গ্ৰন্থকাৰ- সকলেতো নিজৰ ইচ্ছামতে বোধিসত্ত্বৰ সংখ্যা বঢ়াই দিছে। বৌদ্ধধৰ্ম্মৰ অৱনতিৰ ইও এটা প্ৰধান কাৰণ। নিজৰ ধৰ্ম্ম আৰু সংঘৰ মহত্ত্ব বঢ়োৱাৰ অভিপ্ৰায়েৰে বৌদ্ধ ভিক্ষুসকলে আগ-গুৰি নোহোৱা উপকথাৰ ৰচনা কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু ব্ৰাহ্মণসকলে তাতকৈও অধিক অদ্ভুত কথাৰ ৰচনা কৰি তেওঁলোকক সম্পূৰ্ণভাৱে হৰুৱাই দিয়ে।

 ছটা প্ৰসিদ্ধ শ্ৰমণ-সংঘ—বুদ্ধৰ সময়ত বুদ্ধৰ সংঘতকৈও ডাঙৰ আৰু প্ৰসিদ্ধ ছটা শ্ৰমণ-সংঘ আছিল আৰু ছটা সংঘৰ নেতাসকল আছিল যথাক্ৰমে-পূৰণ কাস্‌সপ, মক্‌খলি গোসাল, অজিত কেসকম্বল, পকুধ কচ্চায়ন, সঞ্জয় বেলট্‌ঠপুত্ত আৰু নিগণ্ঠ নাথপুত্ত আৰু এওঁলোকৰ বৰ সন্মান আছিল। এই সম্বন্ধে ‘মঝ্‌জিমনিকায়’ৰ চুলসাৰোপমসুত্তত তলত দিয়া উল্লেখ পোৱা যায়।
 ‘যেমে ভো গৌতম সমণ ব্ৰাহ্মণা সংঘিনো গণিনো গণাচৰিয়া ত্ৰাতা যসস্‌সিনো তিৎথকৰা সাধুসন্মতা বহুজনস্‌স, সেয্যথীদং পূৰণো কস্‌সপো, মক্খলি গোসালো, অজিতো কেসকম্বলো, পকুধো কচ্চায়নো, সঞ্জয়ো বেলট্‌ঠপুত্তো, নিগণ্ঠ নাথপুত্তো।'
 অৰ্থাৎ (পিঙ্গল কৌৎসই ভগৱানৰ আগত কয়), 'হে গৌতম, এই যে সংঘী, গণী, গণাচাৰ্য্য, প্ৰসিদ্ধ, যশস্বী, তীৰ্থঙ্কৰ আৰু বহুজন-মান্য (ছজনা লোক আছে) তেওঁলোক কোন? পুৰণ কস্‌সপ, মক্‌খলি গোসাল, অজিত কেসকম্বল, পকুধ কচ্চায়ন, সঞ্জয় বেলট্‌ঠপুত্ত আৰু নিগণ্ঠ নাথপুত্ত।'

 বৌদ্ধ-সংঘৰ কৰ্ত্তব্যনিষ্ঠা—এই ছজনা আচাৰ্য্য বয়সত বুদ্ধ ভগৱানতকৈ ডাঙৰ আছিল আৰু তেওঁলোকৰ ভিৰ সংখ্যাও অনেক