পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৪১
 

আটাইবোৰ ভিক্ষুৰে জীৱনী ‘বৌদ্ধ সংঘাচা পৰিচয়’[২] নামৰ পুথিৰ তৃতীয় ভাগত দিয়া হৈছে। জিজ্ঞাসু পাঠকে পঢ়ি চাব পাৰে।


 ভিক্ষুসকলৰ সংখ্যা—এতিয়া আমি চমুকৈ এই কথাৰ আলোচনা কৰোহঁক যে ৰাজগৃহলৈ অহাৰ সময়লৈকে ভগৱানে যি কেইজন ভিক্ষু পাইছিল, তেওঁলোকৰ সংখ্যা এই পোন্ধৰজনতকৈ অধিক আছিল নে নাই। বুদ্ধই বাৰাণসীত ষাঠিজন ভিক্ষু পায়, উৰুৱেলালৈ যোৱাৰ সমযত বাটত ত্ৰিশজন, আৰু উৰুৱেলাত এহেজাৰ—এইদৰে মুঠতে এহেজাৰ তিৰানব্বৈ জন ভিক্ষুৰ সংঘ লগত লৈ ভগৱানে ৰাজগৃহত প্ৰৱেশ কৰে। তাত সাৰিপুত্ত আৰু মোগ্‌গল্লানৰ লগত সঞ্জয় পৰিব্ৰাজকৰ আঢ়ৈ শ শিষ্যই বৌদ্ধ-সংঘত যোগদান কৰে। অৰ্থাৎ এই সময়ত ভিক্ষু-সংঘৰ সংখ্যা ১৩৪৫ হৈছিল। কিন্তু অত বিৰাট ভিক্ষু-সংঘ বুদ্ধৰ লগত থকা বুলি ‘সুত্তপিটক’ৰ কোনো ঠাইতে উল্লেখ নাই। 'সামঞ্‌ঞফল সুত্ত’ত কোৱা হৈছে যে বুদ্ধ ভগৱানৰ পৰিনিৰ্ব্বাণৰ দুই কি এবছৰৰ আগতে তেওঁ ৰাজগৃহলৈ যোৱাৰ সময়ত তেওঁৰ লগত থকা ভিক্ষুৰ সংখ্যা আছিল ১২৫০, কিন্তু ‘দীঘনিকায়’ৰ পিচৰ আঠ সুত্তত ভিক্ষুৰ সংখ্যা ৫০০ বুলি কোৱা হৈছে। ভগৱানৰ পৰিনিৰ্ব্বাণৰ পিচত ৰাজগৃহত ভিক্ষু সকলৰ যি প্ৰথম পৰিষদ হৈছিল তাত মাথোন ৫০০ হে ভিক্ষু আছিল। গতিকে ভগৱানৰ পৰিনিৰ্ব্বাণৰ সময়লৈকে ভিক্ষুৰ সংখ্যা ৫০০ৰ অধিক নাছিল বুলি অনুমান কৰিব পৰা যায়।

 বুদ্ধ ভগৱানৰ পৰিনিৰ্ব্বাণৰ পিচত হয়তো এই সংখ্যা বঢ়াই দেখুৱাটো আৰম্ভ হয়। 'ললিতৱিন্তৰ'ৰ আৰম্ভনিতে কোৱা হৈছে যে শ্ৰাৱস্তীতে ভগৱানৰ লগত বাৰ হেজাৰ ভিক্ষু আৰু বত্ৰিশ হেজাৰ বোধিসত্ত্ব আছিল।


(২)^ মাৰাঠী ভাষাত ৰচিত পুথি।