পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
ভগৱান বুদ্ধ
 

এতিয়া এই বৰ্ণনা ঐতিহাসিক প্ৰমাণৰ ফালৰপৰা বিচাৰ কৰি চোৱাটো উচিত হব। বোধিসত্ত্বই উৰুৱেলাত তপস্যা কৰিছিল আৰু তাতে তেওঁৰ তত্ত্ববোধ হৈছিল। ইয়াৰপৰা দেখা যায় যে উৰুৱেলা অঞ্চল সম্বন্ধে বুদ্ধ ভগৱানে ভালদৰে জানিছিল। সেই অঞ্চলতে উৰুৱেলা কাশ্যপ আৰু তেওঁৰ লগৰীয়া দুজন এহেজাৰ জটাধাৰী শিষ্য লৈ বাস কৰিছিল। যদিহে ভগৱান বুদ্ধই তেওঁলোকক নিজৰ অলৌকিক চমৎকাৰ দেখুৱাই শিষ্য কৰিবলৈ ইচ্ছা কৰিছিল তেন্তে তেওঁ তেওঁলোকক তাত এৰি থৈ কাশীলৈকে যাবলগা হল কিয়? অকল পঞ্চবৰ্গীয় ভিক্ষু কেইজনৰ বাহিৰে আন কোনেও তেওঁৰ ধৰ্ম্ম বুজি নাপাব বুলিয়ে বা তেওঁৰ কিয় ধাৰণা হৈছিল? আমি জানো এইটোকে ধৰি লম যে সেই সময়ত তেওঁৰ অদ্ভুত চমৎকাৰ দেখুৱাৰ শক্তি নাছিল আৰু কাশীলৈ গৈ পঞ্চবৰ্গীয় কেইজনক উপদেশ দিয়াৰ পিচতহে তেওঁ সেই শক্তি লাভ কৰে?

  ঋষিপত্তনত পঞ্চবৰ্গীয় সকলৰ বাহিৰে বুদ্ধই যি পঁচপন্নজন ভিক্ষু পাইছিল তাৰ ভিতৰত মাখোন পাঁচজনৰহে নাম ‘মহাৱগ্‌গ'ত দিয়া হৈছে, আন পঞ্চাশ জনৰ এজনৰো নামৰ উল্লেখ পোৱা নাযায়। তাৰ পৰা ধাৰণা হয় যে ভিক্ষুসকলৰ সংখ্যা বঢ়াবলৈ পঞ্চাশৰ সংখ্যা যোগ কৰি দিয়া হৈছে।

 বাটত যি ত্ৰিশজন পুৰুষক তিৰোতাৰ লগত ক্ৰীড়াৰত হৈ থকা অৱস্থাতে ভগৱান বুদ্ধই লগ পাইছিল, তেওঁলোক কথাৰ কথাতে ভিক্ষু হৈ যোৱাটো সম্ভৱপৰ যেন নালাগে। যদি তেওঁৰ তেনেকুৱাই কৰাৰ কথা আছিল তেন্তে তেওঁ উৰুৱেলাৰ পৰা কাশীলৈ যোৱাৰ কষ্ট কৰিবলগীয়া হৈছিল কিয়? উৰুৱেলাৰ ওচৰত জানো আনন্দ-কেলিত মতলীয়া হোৱা যুৱক তেওঁ নাপালেহেঁতেন? এই যুৱক সকলৰ কাহিনীটো মাজতে কিয় ভৰাই দিয়া হৈছে তাক বুজা নাযায়।