এঘাৰ নিপাতৰ সংগ্ৰহ কৰা হৈছে। একেটা বস্তু সম্বন্ধে বুদ্ধই কোৱা সুত্তবোৰৰ সংগ্ৰহকে একক নিপাত কোৱা হয়। তেনেদৰেই দ্বিতীয় তৃতীয় নিপাত আদিৰ তাৎপৰ্য্য বুজিব লাগিব। 'খুদ্দকনিকায়’ৰ অৰ্থ হল ক্ষুদ্ৰ প্ৰকৰণৰ সংগ্ৰহ। তাত তলত দিয়া পোন্ধৰটা প্ৰকৰণ আছে― খুদ্দক পাঠ, ধম্মপদ, উদান, ইতিবুত্তক,সুত্তনিপাত,ৱিমান ৱত্থু, পেতৱত্থু, থেৰগাথা, থেৰীগাথা, জাতক, নিদ্দেস, পটিসংভিদামগ্গ, অপদান, বুদ্ধ ৱংস আৰু চৰিয়াপিটক। ই হল ‘সুপিটক’ৰ বিস্তাৰ। ‘ৱিনয়পিটক’ৰ পাৰাজিকা, পাচিত্তিয়াদি, মহাৱগ্গ, চুলবগ্গ্ আৰু পৰিৱাৰ পাঠ নামৰ পাঁচোটা বিভাগ আছে।
তৃতীয় হল ‘অভিধম্মপিটক।' ইয়াৰ সাতোটা প্ৰকৰণ–ধম্ম সংগণি, ৱিভঙ্গ, ধাতুকথা, পুগ্গলপঞ্ঞত্তি, কথাৱত্থু, যমক আৰু পট্ঠান।
বুদ্ধঘোষৰ সময়ত অৰ্থাৎ খৃষ্টীয় আনুমানিক চতুৰ্থ শতাব্দীত এই আটাইবোৰ গ্ৰন্থৰাজিৰে বাক্য বা অংশক ‘পালি' কোৱা হৈছিল। বুদ্ধঘোষৰ পুথিত ‘তিপিটক’ৰ বচনৰ নিৰ্দেশ এই শব্দেৰে দিয়া হৈছে— ‘অয়মেত্থ পালি’ (ই এয়া পালি) অথবা পালিয়ং ৱত্তং (পালিত কোৱা হৈছে)। পাণিনিয়ে যিদৰে ‘ছন্দসি’ শব্দেৰে ৱেদৰ আৰু ‘ভাষায়াম্' শব্দেৰে নিজৰ সমসামযিক সংস্কৃত ভাষাৰ উল্লেখ কৰিছে, ঠিক তেনেকৈয়ে বুদ্ধঘোষাচাৰ্য্যই ‘পালিয়ং’ শব্দেৰে ‘তিপিটক’ৰ বচন আৰু অট্ঠ কথায়ং’ শব্দেৰে সেই সময়ৰ সিংহলী ভাষাত প্ৰচলিত ‘অট্ঠ কথা’ৰ বাক্যৰ উল্লেখ কৰিছে।
‘অট্ঠ কথা’ৰ তাৎপৰ্য্য হল অৰ্থেৰে সৈতে কথা। সিংহল দ্বীপত এনে এটা ৰীতি চলতি আছিল যে প্ৰথমতে ‘ত্ৰিপিটক’ৰ বাক্যৰ অৰ্থ কোৱা হয় আৰু আৱশ্যক বুজি লগতে আন কথাও দিয়া হয়। পিচত এই অট্ঠ কথা লিখা হয়। কিন্তু ভালেমান পুনৰুক্তি দোষ থকা হেতুকে